স্বামীনাথন! মানুহবোৰ এলেহুৱা হ'ল

© দিবাকৰ বৰদলৈ

স্বামীনাথন! মানুহবোৰ এলেহুৱা হ'ল।
কুঁৱলিৰ আচ্ছাদন গুচাই
কুকুৰাই ডাক নিদিওঁতেই
সাৰ পোৱা মানুহবোৰ এলেহুৱা হ'ল।

সকলো উদং এতিয়া।
চোতাল
ভঁৰাল
পথাৰ
সকলো।

পাহুৱাল
পথাৰ চহোৱা ডেকাজন নোহোৱা হ'ল
নোহোৱা হ’ল দাৱনীবোৰো

উৎপাদক মানুহবোৰ
উপভোক্তা হ'ল
স্বাৱলম্বী মানুহবোৰ
হিতাধিকাৰী হ'ল

স্বামীনাথন! মানুহবোৰ এলেহুৱা হ'ল।
স্বাভিমানী মানুহবোৰ ৰসাতলে গ’ল।


3 Comments

Previous Post Next Post