© দিবাকৰ বৰদলৈ
কাইলৈৰ পৰা মই আকৌ
পঞ্চাছ কিলোমিটাৰ প্ৰাত:ভ্ৰমণ কৰিম
সান্ধ্যভ্ৰমণ কৰিম পঞ্চাছ কিলোমিটাৰ।
কলিজাখন ঘৰত থৈ
বেগত ভৰাই জীউটো
কাগজৰ নাও এখেনেৰে যাত্ৰা কৰিম।
বেলিটোক মই জগাই দিম পুৱা
সি মোক গালে মুখে সানি দিব আশা
আৰু মই ৰাওনা হ'ম প্ৰাত:ভ্ৰমণলৈ
সান্ধ্যভ্ৰমণৰ পৰা উভতি আহোঁতে
বেলিটো শুই পৰিব!
বেলিৰো ভাগৰ আছে
জোনটোৱে ক'ব মোক জিলি এটাৰে!
Tags:
My Corner

