© দিবাকৰ বৰদলৈ
লাহে লাহে গাঁৱৰ
চিনাকি মানুহবোৰ নোহোৱা হৈ আহিছে।
সময় বালিত
বিলীন হৈ গৈ আছে মানুহবোৰ।
ৰ’দে-বৰষুণে পথাৰে-কন্দৰে কৰ্মব্যস্ত মানুহবোৰ
বিয়া-সবাহে তোৰ নহৈ মোৰ বুলি পৰি মৰা মানুহবোৰ
সুখে-দুখে এক হ’ব পৰা মানুহবোৰ
নোহোৱা হৈ আহিছে ।
গাঁৱৰ সিমূৰৰ খবৰ ইমূৰত দিবলৈ
খালিনে শুলি বুলি এন্ধাৰ ফালি
ৰিং এটা মাৰিবলৈ
চিনাকি মানুহবোৰচোন নোহোৱাই হ’ল।
লাঠিত ভৰ দি দি
গাঁৱৰ বুঢ়া-মেথা সকলে
ইঘৰ-সিঘৰকৈ এসময়ত
চুবুৰীয়াৰ দেহ-মনৰ খবৰ বোটলিছিল
নামঘৰত ভাওনা-সবাহ পাতিছিল
পাঠশালা পাতি সভ্যতাৰ লাইখুঁটা পুতিছিল
আদৰ-আশীষ যাচিছিল অনুজক ।
সময় বালিত মানুহবোৰ হেৰাই গ’ল।
সেই মানুহবোৰেই সোঁৱৰাই থৈ গৈছিল
আগফাল শুৱনি কাকিনি তামোল ...
তিনিশ ষাঠিজোপা ৰুবাঁ কল ...
সেই মানুহবোৰেই সাৱধানবাণী দি
বাৰীচুকৰ বগৰীজোপা
পদুলিমূৰৰ কাঞ্চনজোপা নাকাটিবলৈ কৈছিল।
দঢ়াই দঢ়াই কৈছিল পৰিয়ালটো একহৈ থাকিবলৈ।
নিৰ্মম সত্য এটা এৰি থৈ
মানুহবোৰ নোহোৱা হৈ গ’ল।
মই এতিয়া তেওঁলোকক স্মৰণ কৰোঁ-
এসময়ত এজন ককা আছিল। এজনী আইতা আছিল।
যেন এটা সাধুহে-
এসময়ত এখন দেশত এজন ৰজা আছিল ... ..।
