-দিবাকৰ বৰদলৈ
মনোকষ্টবোৰ নাতৰিলেও যাতনাদায়ক কথা্বোৰ খোলা-খুলিকৈ ক’বলৈ পালে মনটো পাতল লাগে। মই এজন শিক্ষক । চৰকাৰী বিদ্যালয়ৰ শিক্ষক। শিক্ষকতাৰ এটা দশক অতিবাহিত কৰিলোঁ। কিন্তু যেতিয়াই পিচলৈ ওভতি চাওঁ, মনটো দেখুন বেদনাই আৱৰি ধৰে। দুখৰ হুমুনিয়াহবোৰে যেন বুকুত খুন্দিয়াব খোজে। অন্তৰালত বহু কথা ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ দিন মানেই চৰকাৰীখণ্ড বিদ্যালয়ৰ শিক্ষকৰ বাবে শোক দিৱস। যি সময়ত ছাত্ৰ-ছাত্ৰীৰ সফলতাক লৈ এচাম শিক্ষক, অভিভাৱকে আনন্দ-উৎসৱ কৰে, সেই সময়ত চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলে ভীষণ মনোকষ্টত ভুগি থাকে। কাৰণ চৰকাৰীখণ্ডৰ বিদ্যালয়ৰ ফলাফল ব্যক্তিগতখণ্ডৰ বিদ্যালয়তকৈ বেয়া হয়। আৰু তাকে লৈ সমাজৰ এচামে সকলোবোৰ দোষ জাপি দিয়ে চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ ওপৰত – চৰকাৰী বিদ্যালয়ৰ শিক্ষকে ভালকৈ পাঠ দান নকৰে, চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ পাঠ্যপুথিৰ জ্ঞান কম, তেওঁলোকে নিয়মীয়াকৈ বিদ্যালয়ত উপস্থিত নাথাকে ইত্যাদি । বৰ্তমান সামাজিক মাধ্যমৰ যুগত ইয়াৰ প্ৰভাব আৰু অধিক বেদনাদায়ক। শিক্ষকৰ মৰ্ম বেদনা বুজোঁতা কোনো নাই।
ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে পৰীক্ষাত কেনেকুৱা ফলাফল দেখুৱাব সেইটো কেইবাটো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। তাৰে প্ৰধান হ’ল শিক্ষাৰ্থীৰ ঘৰুৱা পৰিৱেশ, শাৰীৰিক আৰু মানসিক স্বাস্থ্য, আৰু বিদ্যালয়ৰ পৰিৱেশ। শিক্ষাৰ্থীৰ কেৱল ঘৰুৱা পৰিৱেশ বুলিহে কৈছোঁ কাৰণ ঘৰুৱা পৰিৱেশ ঠিকে থাকিলে বাহিৰৰ বা সামাজিক পৰিৱেশৰ নেতিবাচক কথাই শিশু এটাক বিশেষ প্ৰভাৱ পেলাব নোৱাৰে। ঘৰৰ সদস্যসকল যদি শিক্ষিত আৰু সচেতন হয় তেন্তে শিশু এটিয়ে বহুখিনি মানসিক সাহস আৰু সমৰ্থন পায়। মোৰ এজন বন্ধুৱে পঢ়াৰ মেজত কেতিয়াও ইংৰাজী অভিধান ব্যৱহাৰ কৰিয়ে পোৱা নাছিল কাৰণ, যিকোনো কঠিন শব্দৰ অৰ্থ আৰু ব্যৱহাৰ দেউতাকে সুন্দৰকৈ বুজাই দিছিল। দেউতাক আছিল তেওঁৰ বাবে ইংৰাজী ভাষাৰ জীৱন্ত অভিধান। ঠিক সেইদৰে. মোৰ এগৰাকী সহকৰ্মীৰ দেউতাকেও তেখেতৰ ছাত্ৰ জীৱনৰ পঢ়াৰ সময়ত কেতিয়াও লগ এৰা নাছিল। তেখেতে ছাত্ৰাৱস্থাত যিমান ৰাতিলৈকে পঢ়িছিল বা যিমান ৰাতিয়েই পঢ়িবলৈ শোৱাৰ পৰা উঠিছিল, সকলো সময়তে তেখেতৰ দেউতাকে উজাগৰে থাকি সংগ দিছিল। টোপনি ধৰিলে মূৰ পিটিকি দিছিল, চাহ কৰি খুৱাইছিল। নিজৰ সন্তানৰ প্ৰতি এনেকুৱা সমৰ্থন চৰকাৰী বিদ্যালয়ৰ কেইজন শিক্ষাৰ্থীৰ ভাগ্যত মিলে ? দৈনিক দিন হাজিৰা কৰা, ৰিক্সা চলোৱা, ঠেলা চলোৱা, শাক-পাচলি বিক্ৰী কৰি, ঘৰে-ঘৰে বন কৰি পৰিয়াল চলোৱা পিতৃ-মাতৃৰ পৰা কোনো সন্তানে ইমান আবদাৰ আশা কৰিব নোৱাৰে। তাৰ বিপৰীতে ব্যক্তিগতখণ্ড বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৰহভাগ অভিভাৱকৰে কোনো কোনো বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক, কোনো ডাক্তৰ, কোনোজন উচ্চ পদস্থ বিষয়া, কোনো আকৌ ভাল ব্যৱসায়ী। শিক্ষক বা ডাক্তৰৰ এজনৰ সন্তানে শৈক্ষিক বা আৱেগিক ক্ষেত্ৰত যেনেধৰণৰ সমৰ্থন পাব ৰিক্সা বা ঠেলা চালকৰ সন্তানে কদাপি নাপায়। এটা কথা ঠিক দৰিদ্ৰতা অতিক্ৰমীও বহু শিক্ষাৰ্থীয়ে পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’ব পাৰিছে। কিন্তু বৃহত্তৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ‘বহু’ সংখ্যাটো নিচেই সৰু হৈ পৰে।
শিশু এটিৰ সফলতা বহুখিনি নিৰ্ভৰ কৰে শিশুটিৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত। এবাৰ, চাহ বাগিচাৰ শিক্ষাৰ্থীসকলক মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই ‘নিমখ চাহ’ নাখাবলৈ পৰামৰ্শ দিয়াৰ নিহিতাৰ্থ তাতেই লুকাই আছে। ঘৰখনৰ আৰ্থিক দিশটো যদি টনকীয়াল নহয় তেন্তে শিশু এটিৰ বৃদ্ধি আৰু বিকাশত ব্যাঘাত জন্মিব। শিশু এটি মাকৰ গৰ্ভত স্থিতি লোৱাৰে দিন ধৰি যদি উপযুক্ত পুষ্টিকৰ আহাৰ মাকে খাবলৈ নাপায় তেন্তে শিশুটিৰ মগজু ভালকৈ বিকাশ নহ’ব আৰু অপুষ্টিত ভুগিব। তেনে শিশুৱে অইন স্বাস্থ্যৱান শিশুৰ দৰে পাঠৰ কথাবোৰ আয়ত্ত কৰিব নোৱাৰে বা আয়ত্ত কৰাত পলম হয়। পৰীক্ষাত তেনে শিশুৰ পৰা আপুনি, মই বিচৰাৰ দৰে ভাল ফল নিশ্চয় আশা কৰিব নোৱাৰোঁ। প্ৰকৃততে এইখন ছবিয়েই চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত দেখা যায়।
বিদ্যালয়ৰ পৰিৱেশ, মানে সামগ্ৰিক পৰিৱেশৰ কথা ক’ব খুজিছোঁ। বিদ্যালয় এখনত শিক্ষণ-শিকনৰ সুন্দৰ পৰিৱেশ এটা বিৰাজ কৰিলেহে বিদ্যালয়ৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ’ব পৰা যায়। চল্লিশজন শিক্ষাৰ্থী বহিব পৰা শ্ৰেণীকোঠা এটাত যেতিয়া আশী বা এশ গৰাকী শিক্ষাৰ্থীক বহুৱাই শিক্ষকে পাঠদান কৰিব বা যেতিয়া বিজ্ঞানৰ শিক্ষক গৰাকীয়ে ইংৰাজী, সমাজ বিজ্ঞান, হিন্দী আদি দুই-তিনিটা বিষয় পঢ়াবলৈ ল’ব, তেতিয়া তাৰ শিক্ষণৰ ফল কি পোৱা যাব শিক্ষাৰ লগত জড়িত সকলোৱে বুজি পায়। আচলতে পৰ্যাপ্ত শিক্ষকৰ অভাৱে চৰকাৰী বিদ্যালয়ক কোঙা কৰি ৰাখিছে। ইমানবোৰ সমস্যা মূৰত লৈও চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে যি শাৰীৰিক আৰু মানসিক পৰিশ্ৰম কৰি শিক্ষাৰ্থীসকলক এটা পৰ্যায়লৈ তুলি ধৰে তাক কোনেও সফলতা বুলি গণ্য নকৰাটো বৰ দুখৰ কথা।
আমাৰ বিদ্যালয়সমূহত বহু ছাত্ৰ-ছাত্ৰী বিভিন্ন প্ৰতিভা লৈ আহে। কাৰোবাৰ কণ্ঠ শুৱলা, কোনোৱে ধুনীয়া ছবি আঁকিব পাৰে, কোনোবাই ভালকৈ নাচিব পাৰে, কোনোৱে আকৌ ভাল খেলিব পাৰে। কিন্তু দুখৰ বিষয়, তেওঁলোকৰ প্ৰতিভাসমূহৰ বিকাশত আমি বিশেষ একো সহায় কৰিব নোৱাৰোঁ। আমি মাত্ৰ তেওঁলোকৰ প্ৰতিভাসমূহৰ কথা তেওঁলোকক জনাবহে পাৰোঁ বা দুআষাৰ প্ৰেৰণাদায়ক কথাহে ক’ব পাৰোঁ, তাতকৈ অধিক একো কৰিব নোৱাৰোঁ। প্ৰতিভাবোৰ বিকশাই ধৰি ৰাখিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ হাততো কোনো উপায় নাথাকে, কিয়নো গাঁৱৰ ভিতৰুৱা অঞ্চলত তেনে কোনো সুবিধাই উপলব্ধ নহয়। তাৰোপৰি দুখীয়া পিতৃ-মাতৃয়েও সন্তানক চহৰলৈ নি গান, নাচ বা খেলৰ স্কুলত নাম লগাই দিব নোৱাৰে। কালক্ৰমত প্ৰতিভাবোৰ মৰহি যায়। জন্মগত একো একোটা প্ৰতিভা সুযোগ-সুবিধাৰ অভাৱত চকুৰ আগতে মৰহি গ’লে কাৰ ভাল লাগিব ? ভাবিলে বৰ দুখ লাগে। চৰকাৰে “সাংস্কৃতিক মহাসংগ্ৰাম” আৰু “খেল মহাৰণ”ৰ যোগেদি গাঁৱৰ সুপ্ত প্ৰতিভাবোৰ উলিয়াই আনিবলৈ লোৱা প্ৰচেষ্টাটো অতি প্ৰশংসনীয় পদক্ষেপ যদিও গাঁৱৰ ল’ৰা ছোৱালী ইয়াৰ পৰা বিশেষ উপকৃত নহ’ব যদিহে গান, নাচ বা খেলৰ প্ৰাথমিক জ্ঞানখিনি নিৰ্দিষ্ট শিক্ষকৰ দ্বাৰা তেওঁলোকক দিয়া নহয়। বৰঞ্চ ই হ’ব অস্ত্ৰ-শস্ত্ৰ তথা প্ৰশিক্ষণ আদি নোহোৱাকৈ যোদ্ধলৈ আহ্বান কৰাৰ দৰে কথা। তাৰ প্ৰমাণ সামাজিক মাধ্যমত ভাইৰেল হোৱা সেই ল’ৰাজন যি সাংস্কৃতিক মহাসংগ্ৰামৰ মঞ্চত ড০ ভূপেন হাজৰিকাৰ “মেঘে গিৰ গিৰ কৰে” গীতটি “বুকু হম হম কৰে” গীতটিৰ সুৰত পৰিৱেশন কৰিছিল। ই এটা উদাহৰণহে মাত্ৰ। আশা কৰোঁ, চৰকাৰে প্ৰত্যেকখন বিদ্যালয়তে খেলা-ধূলা আৰু কলা-শিক্ষাৰ শিক্ষক নিযুক্তি দি এই প্ৰতিভাসমূহ বিকাশত সহায় কৰিব।
চৰকাৰ তথা সমাজেতো চৰকাৰী বিদ্যালয়ৰ শিক্ষকক শ্ৰদ্ধা নকৰালেখীয়াই হৈছে। তাতে আকৌ ছাত্ৰ-ছাত্ৰীসকলেও শিক্ষকক নমনা হৈ আহিছে। এটা সময় আছিল, ছাত্ৰ-ছাত্ৰীৰ মানত শিক্ষক বা শিক্ষয়িত্ৰী এগৰাকী ভগৱানস্বৰূপ। কিন্তু অতিসম্প্ৰতি শিক্ষাৰ্থীয়ে শিক্ষকক ধমক দিব পৰা হ’ল, গছত বান্ধি শাস্তি দিব পৰা হ’ল। শিক্ষকে যদি কাৰোবাক আটাইতকৈ বেছি ভাল পায়, বেছি মৰম কৰে, সেইসকলেই হ’ল তেওঁলোকৰ ছাত্ৰ-ছাত্ৰী। তেনে ক্ষেত্ৰত নিজৰ আপোন শিক্ষাৰ্থীৰ পৰা অকণমান শ্ৰদ্ধাৰ সলনি যদি প্ৰতিদান অসন্মান, অৱজ্ঞা, ধমকি আদি হয়, কাৰ অন্তৰত দুখ নালাগিব !
চৰিত্ৰই শক্তি। শিক্ষক বুলি ক’লে নৈতিকভাৱে অত্যন্ত সবল হ’ব লাগে। কাৰণ শিক্ষকসকল সমাজ নিৰ্মাতা। সমাজ সংস্কাৰকো। নতুন প্ৰজন্মৰ পথ প্ৰদৰ্শক শিক্ষকসকল। ছাত্ৰ-ছাত্ৰী সকলে শিক্ষকৰ চাল-চলন, ধৰণ-কৰণ, আচাৰ-ব্যৱহাৰ অনুকৰণ কৰে। তেনেস্থলত শিক্ষকসকলৰ নৈতিক দিশটো যদি দুৰ্বল হয়, সুস্থ সমাজ এখন কেনেকৈ গঢ় লৈ উথিব? কিন্তু বৰ্তমানৰ কিছু কাৰ্য-কলাপে ভাবিবলৈ বাধ্য কৰাইছে যে শিক্ষক-শিক্ষয়িত্ৰীৰো নৈতিক স্খলন ঘটিছে। শিক্ষকে যেতিয়া ছাত্ৰ-ছাত্ৰীৰ বাবে আবন্তিত মধ্যাহ্ন ভোজনৰ চাউল আত্মসাৎ কৰে, শিক্ষকে যেতিয়া জীয়াৰী সদৃশ ছাত্ৰীক যৌন নিৰ্যাতন চলাই, মোতা অংকৰ দৰমহা লৈ শিক্ষকে যেতিয়া বিদ্যালয়লৈ দেৰিকে আহে বা সোনকালে বিদ্যালয় এৰে বা বিদ্যালয়লৈ আহি সময়ত পাঠ দান নকৰে, তেতিয়াই মন-মগজু দুখ আৰু ক্ষোভেৰে ভৰি পৰে। আৰু এনেবোৰ অনৈতিক কাৰ্য-কলাপৰ বাবেই হয়তো শিক্ষকক কোনেও নমনা হৈছে। নিজকে শিক্ষক বুলি ক’বলৈও লাজ লাগে তেতিয়া। এটা কথা স্পষ্ট, ক’ৰ’বাত দুই এক শিক্ষক বা শিক্ষয়িত্ৰীহে এনে অনৈতিক, অনিয়মত লিপ্ত। কিন্তু তাৰ বাবে সমগ্ৰ শিক্ষক শ্ৰেণীয়েই কাঠগৰাত উঠিবলগীয়া হোৱাতো ভীষণ যন্ত্ৰণাদায়ক।
শিক্ষকতা বৃত্তিটো অন্য বৃত্তিতকৈ ব্যতিক্ৰম। মূলতঃ শিক্ষণ-শিকন কাৰ্যই ইয়াক আন আন বৃত্তি অথবা সেৱাৰ পৰা পৃথক কৰিছে। শিক্ষণ-শিকন কাৰ্যটো সফল হ’ব তেতিয়াহে, যেতিয়া শিক্ষক বা শিক্ষয়িত্ৰী এগৰাকীৰ বিষয়বস্তুৰ জ্ঞান গভীৰ হোৱাৰ লগতে শিক্ষকগৰাকী শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে সুস্থ হৈ থাকিব। আকৌ, শিক্ষক-শিক্ষয়িত্ৰী সকলে কেৱল পাঠ্যপুথিকেইখনকে পঢ়িলে নহ’ব। ইয়াৰ লগত আনুষংগিক আন আন গ্ৰন্থ, আলোচনী, বাতৰিকাকত আদিও পঢ়াতো অতি জৰুৰী। কিন্তু সাম্প্ৰতিক সময়ত শিক্ষা বিভাগে জাপি দিয়া অতিৰিক্ত কামৰ বোজাত শিক্ষকে পাঠ্যপুথিৰ বাদে তেওঁলোকৰ ভাল লগা কবিতা, গল্প, উপন্যাস, বাতৰিকাকত আদি একো পঢ়িবলৈ সময় মিলাব নোৱৰা হৈছে । অধ্যয়নেৰে জড়িত বৃত্তি এটাত নিয়োজিত হৈও যদি ভাল লগা গল্প বা উপন্যাস এখনো পঢ়িবলৈ সুবিধা নাপাওঁ, ই নিশ্চয়কৈ বেদনাদায়ক কথাই।
সুখ-দুখৰ সমাহাৰেই জীৱন। এই জীৱনক আমি স্বীকাৰ কৰিবই লাগিব। কেৱল স্বীকাৰ কৰিলেই নহ’ব, দুখবোৰক সুখৰ উৎসলৈ কেনেকৈ পৰিৱৰ্তন কৰিব পৰা যায় তাৰো প্ৰচেষ্টা হাতত ল’ব লাগিব। শিক্ষকতা বৃত্তিত এটা দশক ধৰি বহু নেতিবাচক কথাৰ মাজতে ইতিবাচক জীৱন এটাৰ সন্ধানত আমিও ব্ৰতী। তাৰ মাজতে সমাজ, চৰকাৰ, প্ৰশাসন, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা সকলোলৈ এটাই আহ্বান, অকণমান সহমৰ্মী হৈ আমাৰ মনোবেদনাবোৰ বুজিবলৈ চেষ্টা কৰে যেন।
