বাৰিষাৰ বৰষুণত

© দিবাকৰ বৰদলৈ

বাৰিষাৰ বৰষুণত
ন্যূনতম এটা ছাতিৰ প্ৰয়োজন

বৰষুণ মানে হ'ব পাৰে
শিলাবৃষ্টি
অম্লবৃষ্টি
অতিবৃষ্টি

এটা ছাতিৰ অভাৱত
আপুনি তিতি থাকিব লাগিব

ন্যূনতম এটা ছাতি লৈ
কোনো সহৃদয় হাত এখন
আগবাঢ়ি নহালৈকে
আপুনি তিতিয়ে থাকিব
তিতি তিতি আপুনি নৰিয়াত পৰিব

বাৰিষাৰ বতৰত
বৰষুণ বেমাৰৰ পৰা বাচি থাকিবলৈ
এটা ছাতিয়েই সকলো নহয়
প্ৰয়োজন এখন সহমৰ্মী হাতৰো।


Post a Comment

Previous Post Next Post