আমাৰ মগজুৰ কথা

প্ৰকৃততে আমাৰ দুটা মগজু থাকে। এটাই চিন্তা কৰে আৰু আনটোৱে অনুভৱ কৰে। অৰ্থাৎ এটাই কথাবোৰ যুক্তিসহকাৰে বিচাৰ কৰিব পাৰে, যাক কোৱা হয় চিন্তাশীল মগজু আৰু আনটো, সবল যদিও, কথাবোৰ যুক্তিসহকাৰে নাচায়- ইয়াক কোৱা হ্য় আৱেগিক মগজু। অনুভৱ যিমানেই গভীৰ হয় সিমানেই আৱেগিক মগজুটো সবল হয়। সাধাৰণতে দুয়োটা মগজুয়েই সহযোগিতাৰে এটা সমতা বজায় ৰাখে – চিন্তাৰ বাবে অনুভৱ আৰু অনুভৱৰ বাবে চিন্তা। কিন্তু যেতিয়া আৱেগ অত্যধিক হয় তেতিয়া দুয়োটা মগজুৰ সমতা অতিক্ৰম কৰি অৱেগিক মগজুটোৱে চিন্তাশীল মগজুক অবদমিত কৰে।

-দিবাকৰ বৰদলৈ

এজন শিক্ষক হিচাপে আমি আমাৰ ছাত্ৰ-ছাত্ৰীৰ মনোবৈজ্ঞানিক দিশটো লক্ষ্য কৰিব লগা হয়। সেয়ে মনোবিজ্ঞান সম্পৰ্কে দুই-এটা কথা শিকাৰ মানসেৰে মনোবিজ্ঞানৰ লেখাবোৰ পঢ়োঁ। মগজুৰ সম্পৰ্কে লেখাবোৰো পঢ়িবলৈ চেষ্টা কৰোঁ।

প্ৰকৃততে আমাৰ দুটা মগজু থাকে। এটাই চিন্তা কৰে আৰু আনটোৱে অনুভৱ কৰে। অৰ্থাৎ এটাই কথাবোৰ যুক্তিসহকাৰে বিচাৰ কৰিব পাৰে, যাক কোৱা হয় চিন্তাশীল মগজু আৰু আনটো, সবল যদিও, কথাবোৰ যুক্তিসহকাৰে নাচায়- ইয়াক কোৱা হ্য় আৱেগিক মগজু। অনুভৱ যিমানেই গভীৰ হয় সিমানেই আৱেগিক মগজুটো সবল হয়। সাধাৰণতে দুয়োটা মগজুয়েই সহযোগিতাৰে এটা সমতা বজায় ৰাখে – চিন্তাৰ বাবে অনুভৱ আৰু অনুভৱৰ বাবে চিন্তা। কিন্তু যেতিয়া আৱেগ অত্যধিক হয় তেতিয়া দুয়োটা মগজুৰ সমতা অতিক্ৰম কৰি অৱেগিক মগজুটোৱে চিন্তাশীল মগজুক অবদমিত কৰে।

প্ৰাণীৰ মগজুৰ উৎপত্তিৰ ইতিহাস যদি চোৱা যায় দেখিম যে আৱেগিক মগজুৰ উৎপত্তিৰ বহু নিযুত বছৰৰ পিছতহে চিন্তাশীল মগজুৰ উৎপত্তি হৈছিল। মগজুৰ নিঅ’কৰ্টেক্স (Neocortex) অংশই চিন্তাশীল মগজুক প্ৰতিনিধিত্ব কৰে। এই চিন্তাশীল মগজুৰ সংযোজনে আমাক এক নতুন আৱেগিক জীৱন প্ৰদান কৰিলে। এই চিন্তাশীল মগজুৱে আমাৰ ভাববোৰৰ বিষয়ে ভাবে বা চিন্তা কৰে। অৰ্থাৎ ভাববোৰ যুক্তি-যুক্ততা বিচাৰ কৰে।

আৱেগিক বিষয়্সমূহ্ত এমিগডালা (Amygdala) হ’ল বিশেষজ্ঞ। এমিগডালা অবিহনে মৰম, ভালপোৱা, দুখ, বেদনা, সম্পৰ্ক ইত্যাদি কথাবোৰ আমি অনুভবেই কৰিব নোৱাৰিম। Joseph LeDoux নামৰ স্নায়ুবিজ্ঞানীজনে আমাৰ আৱেগিক মগজুত এমিগডালাৰ ভূমিকা সম্পৰ্কে আৱিষ্কাৰ কৰিছিল। তেখেতে কৈছে যে আৱেগিক মগজুৱে আনকি চিন্তাশীল মগজু হিচাপেও কাম কৰিব পাৰে। আমাৰ মানসিক ক্ষেত্ৰখনত আৱেগৰ ইমান শক্তি যে অত্যধিক আৱেগৰ বাবে আমি প্ৰায়ে অযুক্তিসংগত কাম/কথা এটা কৰি পাছত অনুতপ্ত হওঁ। কিন্তু কিয় এনেকুৱা হয়?

LeDoux ৰ গৱেষণাই দেখুৱাইছে যে চকু আৰু কাণৰ পৰা অহা সংবেদী বাৰ্তা (Sensory signals) এটা প্ৰথমেই মগজুৰ ঠেলামাছ (Thelamus), আৰু পাছ্ত এমিগডালালৈ যায়। আৰু দ্বিতীয়তে ঠেলামাছৰ পৰা নিঅ’কৰ্টেক্সলৈ অৰ্থাৎ চিন্তাশীল মগজুলৈ যায়। অৰ্থাৎ সংবেদী বাৰ্তা এটা প্ৰথেম আৱেগিক মগজু আৰু পাছতহে চিন্তাশীল মগজু পায়গৈ। অৰ্থাৎ চিন্তাশীল মগজুৱে কোনো সংবেদী বাৰ্তা এটাৰ যুক্তি-যুক্ততা বিচাৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতেই আৱেগিক মগজুটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। হ্ঠাৎ ফটকা ফুটুৱাৰ শব্দ শুনিলে প্ৰথমেই আমি উচপ খাই উঠোঁ। ভয় খাওঁ – কৰবাত বোমা ফুটিলে নেকি? ই হ’ল আৱেগিক মগজুৰ প্ৰতিক্ৰিয়া। কিন্তু অলপ পাছ্ত চিন্তা কৰি পাওঁ যে বোমা নহয়, সেয়া ফটকাৰ শব্দ। ই হ’ল চিন্তাশীল মগজুৰ প্ৰতিক্ৰিয়া।

এতিয়া আহোঁ গাহৰি কটা প্ৰসংগলৈ। অসমীয়া নিউজ চেনেল এটাৰ বিহুৱতী প্ৰতিযোগিতাৰ মঞ্চত এংকৰে এজনী নাচনীক তাইৰ দেউতাকে কি ব্যৱসায় কৰে সুধিছিল। উত্তৰত নাচনীজনীয়ে ‘পাপাই গাহৰি কাটে’ বুলি কৈছিল। তাকে শুনি মঞ্চৰ সন্মুখত বহি থকা কেইজনীমান নাচনীয়ে হাঁহি দিছিল। আৰু তাকে লৈ সামাজিক মাধ্যমত চৰ্চা। অপৰাধ হ’ল নাচনীকেইজনীয়ে কিয় হাঁহিব? তেওঁলোকৰ দেউতাকসকলে বৰ মানুহ নেকি? তেওঁলোকৰ মাক-দেউতাকে সেয়াহে শিক্ষা দিছিল নেকি.. ... ইত্যাদি বহু কথা।

মোৰ কথা হ’ল নাচনীকেইজনীয়ে যে হাঁহিলে, তাত বাৰু মগজুটোও জগৰীয়া নহয়নে? ভাবি চাবচোন ।


Post a Comment

Previous Post Next Post