বাৰিষাৰ স্কেচ্

নগাঁও মহাবিদ্যালয়ৰ সপ্তাহ সমাৰোহত স্ব-ৰচিত কবিতা প্ৰতিযোগিতাত শ্ৰেষ্ঠ কবিতাৰ পুৰস্কাৰ পাবলৈ সক্ষম হোৱা মোৰ ক্ষুদ্ৰ কবিতাটি

© দিবাকৰ বৰদলৈ

কোনো শত্ৰুতা নাই
নাই মিত্ৰতাও
নতুবা নাই কোনো আত্মীয়তা।

অথচ খেদি ফুৰে
এচমকা ক'লা ডাৱৰে
এজাক বৰষুণে।

খেদি ফুৰে
ৰাস্তাই ঘাটে
বজাৰে সমাৰে
ঠিক বাহিৰে ভিতৰে।


Post a Comment

Previous Post Next Post