ধেমাজিৰ আৰ্তনাদ

© দিবাকৰ বৰদলৈ

২০০৪ বৰ্ষৰ ১৫ আগষ্ট তাৰিখে আলফাই ধেমাজিত ঘটোৱা বোমা বিস্ফোৰণত চৈধ্যটি শিশুৱে প্ৰাণ হেৰুৱাইছিল। অবুজ শিশুকেইটিৰ অকাল মৃত্যুৱে সমগ্ৰ অসমবাসীৰ লগতে আমাকো মৰ্মান্তিক দুখ দিছিল আৰু তাকে প্ৰকাশ কৰিবলৈ লিখিছিলোঁ এই সৰু কবিতাটি।

অকালতে
মৰহি গ’ল বহু ফুল
ধ্বংস হৈ গ’ল
বহু বীজ।

সুপ্ত হৈয়ে
লুপ্ত হ’ল
সৃষ্টিৰ খনিজ।

মোৰ বুকুত হাত নথ’বা
নুসুধিবাঁ মোক
মোৰ মন পাবলৈ
দুখেই দুখ
গভীৰৰ পৰা গভীৰতৰলৈ।


Post a Comment

Previous Post Next Post