© দিবাকৰ বৰদলৈ
চহৰৰ মায়া এৰি
মানুহবোৰ এদিন গাঁওমুৱা হ'ব ।
যেতিয়াই বুজি উঠিব
সুখ মানে অট্টালিকা নহয়
সুখ মানে আভিজাত্য নহয়
যেতিয়াই বুজি উঠিব
কংক্ৰীটৰ পংকিলতাবোৰ
যেতিয়াই বুজি উঠিব
জাক-জমকতাত লুকাই থকা আন্ধাৰবোৰ
হাঁহিৰ আঁৰৰ হিংস্ৰতাবোৰ
কান্দোনৰ আঁৰৰ কাৰচাজিবোৰ
তেতিয়াই মানুহবোৰ গাঁওমুৱা হ'ব
চহৰৰ কৃত্ৰিমতা নেওচি
চহৰৰ মৰীচিকা অতিক্ৰমি
গাঁওমুৱা হ'ব মানুহবোৰ ।
পথাৰত ভূঁই ৰুব
মাছ পুহিব পুখুৰীত
শাকনি পাতিব ঘৰে ঘৰে
মানুহবোৰে।
গাঁওমুৱা মানুহৰ কথা গম পালে
চোতালত বুঢ়ী আইৰ সাধুবোৰে ওমলি থাকিব
নামঘৰত চলিব ভাওনাৰ আখৰা
মানুহবোৰ গাঁওমুৱা হ'লে
গৰখীয়াবোৰে পথাৰত বনগীত জুৰিব
নিচুকনি গীত গাব কণমানিবোৰৰ মাকবোৰে
মানুহবোৰ গাঁওমুৱা হ'লে
চহৰখনে বুজি পাব
মানুহবোৰ জন্তু নহয়
যন্ত্ৰ নহয় মানুহবোৰ ৷
মানুহবোৰ গাঁওমুৱা হ'লে
চহৰখনে প্ৰায়শ্চিত্ত কৰিব।
এখন আকাশ বিচাৰি
এখন পথাৰ বিচাৰি
চহৰৰ মানুহবোৰ এদিন গাঁওমুৱা হ'ব
যিদৰে এদিন ৰাজ অট্টালিকা এৰি
গুচি গৈছিল সিদ্ধাৰ্থ !
