তোমাৰ স'তে গোটেই আবেলিটো কটাম

© দিবাকৰ বৰদলৈ

তোমাৰ স'তে গোটেই আবেলিটো কটাম
ক্ৰমাত চেঁচা হ'ব খোজা দিনটোৰ কথা পাতিম
সাক্ষী কৰি
নামনিমুৱা বেলি।

মূৰৰ ওপৰেৰে পাৰ হৈ যাব
নীড়মুখী এজাক বগলী
যি সুঁৱৰাই দিবহি আমাক
আমাৰ আবেলিটোৰ কথা-
আৰু কিছু পৰৰ পিছতে এন্ধাৰ হ'ব ।

স্নিগ্ধ পুৱাটোৰ কথা পাতিম
কথা পতিম তপত চাহ কাপৰ
ফৰকাল লাগিব গা-মন

দুপৰীয়াটোৰ কথা পাতিম
তপত ৰ'দজাকে দেই নিয়া অথবা
শীতল বতাহ এচাতিয়ে গা-মন জুৰুৱা
সময়খিনিৰ কথা পাতিম

কথা পাতিম অভ্যাগত অতিথিৰ কথা
আমাৰে হোৱা কথাৰ মাজৰ কথা

আমাৰ মাজৰ প্ৰেমিক চৰাইহালিৰ কথাও পাতিম
মান অভিমানে উপচি পৰা কথাবোৰতো থাকিবই

আগতীয়াকৈ নক'বা যোৱাৰ কথা।
এৰা এৰি হোৱাৰ আগতে
গোটেই আবেলিটো কটাম
তোমাৰ স'তে।
উভতি চাম উভতি নহা এক দীঘল পৰিক্ৰমা ৷

Post a Comment

Previous Post Next Post