© দিবাকৰ বৰদলৈ
ভাড়াতীয়াসকল বেদুইন নহয়
নহয় স্বাধীন দেশৰ
পৰাধীন নাগৰিক
অথচ তেওঁলোক বেদুইন
তেওঁলোক পৰাধীন
যদিওবা তেওঁলোকৰ
শোবলৈ বিছনা থাকে
বহিবলৈ চোফা আৰু
ৰান্ধিবলৈ ৰান্ধনিশাল ।
নাথাকে নিজা ঘৰ
নাথাকে চোতাল
য'ৰ পৰা চাব পাৰে তৰালি আকাশ
য'ৰ পৰা চাব পাৰে পূৰ্ণিমাৰ ৰূপহী জোন
পদূলিৰ এচুকত ৰুব নোৱাৰে
তেওঁলোকে
হেঁপাহৰ শৰৎ
জ্বলাব নোৱাৰে তুলসী তলৰ চাকি
বহু যুক্তি থাকিলেও
শক্তি নাথাকে ভাড়াতীয়াৰ
সেয়ে খাওঁতে
শোওঁতে
উঠা বহা কৰোঁতে অতিথিৰে
ভাড়াতীয়াই কঢ়িয়াই ফুৰে এবুকু ভীতি
(জানোচা কাইলৈয়ে আহে ঘৰ এৰাৰ পৰোৱানা)
ভাড়াতীয়াসকল মানুহ নহয়
গ্ৰাহক তেওঁলোক
উপভোক্তা তেওঁলোক
সেয়ে মালিকে বহিবলৈ নিদিয়ে
কলিজাৰ চ'ৰাঘৰত
নাযাচে একাপ এপিলেট চেনেহ
ভাড়াতীয়াসকলৰ ছদ্মবেশী ওঁঠত ওলমি থাকে বিষাদ
বুকুত গুজৰি থাকে কজলা মেঘ
অথচ তেনেকৈয়ে তেওঁলোকে
সন্ধান কৰে এচিকতা সুখৰ বৰষুণ!
Tags:
My Corner
