© দিবাকৰ বৰদলৈ
মোৰ খবৰ সুধি বন্ধু
দুখ নিদিবাঁ মোক
ক'ব নোৱাৰোঁ মই
ভাগ্যৰ নাগপাশত বন্ধা
মোৰ দিনবোৰৰ কথা
ক'ব নোৱৰাকৈয়ে বেয়া হৈ পৰে খবৰ
উল্কা হৈ
খহি পৰে আকাশৰ ঔফুলীয়া তৰা।
যি হয় হৈ থাকক
হৈ থাকিবলৈ দিয়াঁ
কৰি থাকিবলৈ দিয়াঁ নিয়তিৰ আপোন কৰ্তব্য ।
আকাশ ভালপোৱা মানুহ মই
ভালপাওঁ বৰ্ষাৰ বিৰিখ বগোৱা গান
পাহাৰৰ শিখৰত উঠি ভালপাওঁ
শিহৰিত হ’বলৈ
শিৰীষ তলৰ হৰিৎ সাগৰত ভালপাওঁ ডুবি
সূৰ্যোদয় সূৰ্যাস্তৰ বৰ্ণালীত
হেৰুৱাই দিব পাৰোঁ নিজক
সুবিধা পালেই
পাহৰি কোনো মহেন্দ্ৰক্ষণৰ
উদযাপন কৰি দিওঁ জীৱনৰ মুঠিতে পোৱা ক্ষণ অণুক্ষণ
ব্যস্ত মানুহবোৰক ভাল লাগে মোৰ
স্বপ্নৰ বোজা পিঠিত লৈ
পঢ়াশালিমুখী শিশুবোৰক ভাল লাগে
ভাল লাগে পখিৰ কল-কাকলি
মোৰ খবৰ সুধি সেয়ে বন্ধু
কাঢ়ি নিনিবাঁ মোৰ
ভালপোৱাবোৰ
ভাল লগাবোৰ
মৃত্যুৰ খবৰ মোক নিদিবাঁই
বিদ্ৰোহী হৈ পৰোঁ মই!
ভাল ভাল বুলিও
কেনেদৰে
সৰি পৰিব পাৰে জীৱন
নি:শব্দে!
