মই মোৰ ৰং সলাব নোৱাৰোঁ

© দিবাকৰ বৰদলৈ

মোৰ প্ৰিয় সাজ এৰি
মোৰ প্ৰিয় ৰং এৰি
মই মোৰ ৰূপ সলাব নোৱাৰোঁ।

দেউতা আছিল এক কথাৰ মানুহ
মা আছিল এক কথাৰ মানুহ
মই কেনেদৰে দুকথীয়াৰ হওঁ ?

মাই কৈছিল বিবেকী হ'বলৈ
দেউতাই কৈছিল সত্যত থাকিবলৈ
মা-দেউতাক নেওচি বিবেকহীন নহওঁ মই
মিছলীয়া নহওঁ মই

মই ভালপোৱা সাজবোৰ
মই ভালপোৱা ৰংবোৰ
এৰিব নোৱাৰোঁ মই

মই ভালপোৱা মানুহবোৰ
মোক ভালপোৱা মানুহবোৰ
এৰিব নোৱাৰোঁ মই

মই ৰং সললে
আলালকাই
আমাৰ ঘৰলৈ আহিব কি স'তে
কি স'তে তেওঁ মোৰ খবৰ সুধিব
কি স'তে তেওঁক মই ঈদ-মোবাৰক জনাম

মই ৰং সলালে
নেকিব-আদিলহঁতেও ৰং সলাব
চিৰিণ-হাঁচিনহঁতেও ৰং সলাব

মই ৰং সলালে
অৰ্থহীন হ'ব মা-দেউতাৰ শিক্ষা
মই ৰং সলালে
মোত বিশ্বাসীসকলে
হেৰুৱাই পেলাব বিশ্বাস
মানুহৰ ওপৰত বিশ্বাস ।


Post a Comment

Previous Post Next Post