-দিবাকৰ বৰদলৈ
আপুনি বুজোৱা কথাবোৰৰ মাজৰ পৰা সোধক
মন দি শুনা শিশুসকলে শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰ ততালিকে দিবলৈ বিচাৰে। তেওঁলোকে "প্ৰশ্নটো কি আছিল" বা "প্ৰশ্নটো আকৌ কওক" - বুলি পুনৰ নোসোধে। যিসকলে শিক্ষকৰ কথাবোৰ মনোযোগেৰে নুশুনে তেওঁলোকে - প্ৰশ্নটো কি বা উত্তৰটো কি - বুলি ইফালে-সিফালে চাই আচৰিত আচৰণ কৰে।
মাজে মাজে দুই এটা ভুলকৈ কৈ তেওঁলোকৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰক
মাজে মাজে দুই এটা কথা ভুলকৈ কৈ বা পঢ়ি শিশুসকলৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰিব লাগে। মনোযোগেৰে শুনাসকলে ভুলবোৰ ধৰিব পাৰে বা কেতিয়াবা তেওঁলোকে শিক্ষকৰ ভুলবোৰ উনুকিয়ায়ো দিয়ে।
আকৌ কেতিয়াবা এনেদৰে ভুলকৈ কৈ, কোৱা কথাবোৰ তেওঁলোকক ক'বলৈ বা শুধৰাই দিবলৈও ক'ব পাৰি। এই পদ্ধতিটো সাধাৰণতে শিক্ষকৰ আদৰ্শ পঠন বা সকলোৱে জনা কথা এটা ব্যাখ্যা কৰি থকা অৱস্থাত প্ৰয়োগ কৰিব লাগে।
তেওঁলোকে বুজিপোৱা দুই এটা কথা লিখিবলৈ কওক
আপুনি শিকাই থকা পাঠৰ শিশুসকলে বুজিপোৱা দুই এটা কথা বহীত লিখি দেখুৱাবলৈ নিৰ্দেশ দিব । সক্ৰিয়ভাবে শুনাসকলে নিশ্চিতভাবে দুই এটা কথা লিখি দেখুৱাবলৈ সক্ষম হ'ব। ধ্যান দিব লাগে যাতে কোনেও আনৰ লিখা চাই নিলিখে।
তেওঁলোকে বুজি নোপোৱা কথাবোৰ টুকি দেখুৱাবলৈ কওক
বুজিপোৱা কথাবোৰৰ দৰে বুজি নোপোৱা কথাও দুই এটা লিখি দেখুৱাবলৈ ক'ব লাগে। বুজি নাই পোৱা বুলি ক'বলৈ শিশুসকলে সাধাৰণতে সংকুচ কৰিব; গতিকে বন্ধুত্বপূৰ্ণভাবে তেওঁলোকক অভিৰুচিত কৰিব লাগে। তেওঁলোকক বুজাই দিব লাগে যে বুজি নোপোৱাটো কেৱল তেওঁলোকৰ দোষ নহয়, শিক্ষক হিচাপে আপুনিও বুজুৱাত বিফল হ'ব পাৰে। এনে কৰিলে তেওঁলোকে মনত সাহস পাব।
তেওঁলোকৰ আচৰণ বা শৰীৰী ভাষালৈ লক্ষ্য কৰক
মন দি শুনা শিশুৱে লৰচৰ নকৰাকৈ একেথিৰে থাকে। শুনি থকাৰ সময়ত আনে অসুবিধা দিলে খং উঠে তেওঁলোকৰ। তেওঁলোকে আনকো অসুবিধা নিদিয়ে। শিকোৱা কথাবোৰ বুজি নাপালে চকুত দুধুৰ-মুধুৰ ভাব এটা ফুটি উঠে। মনোযোগেৰে শুনা শিশুসকলৰ দেহ-মন সতেজ হৈ থকা দেখা যায়।
পাঠৰ সাৰাংশ চমুকৈ ক’বলৈ কওক
শ্ৰেণীৰ পাঠ সামৰাৰ আগতে দুই এগৰাকী শিক্ষাৰ্থীৰ পৰা শিকোৱা পাঠটিৰ চমু আভাস ল’বলৈ চেষ্টা কৰক। ই আপোনাক নিশ্চিত কৰিব যে আপোনাৰ পাঠদান তেওঁলোকে মনোযোগেৰে শুনিছেনে নাই ।
সামৰণি
ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীৰ পাঠ সক্ৰিয়ভাবে শুনিছেনে নাই তাক নিশ্চিত কৰাতো অতি জৰুৰী। কিয়নো মনদি শুনিলেহে তেওঁলোকে পাঠৰ কথাবোৰ বুজিবলৈ সক্ষম হ’ব। অন্যথা শিক্ষকৰ শ্ৰম আৰু চেষ্টা এনেই যাব। আকৌ দেখা যায় যে কিছু শিক্ষাৰ্থীয়ে শিক্ষকৰ কথা শুনাৰ ভাও ধৰি বেলেগ আকাশ-পাতাল ভাবি থাকে। সেইটো যাতে নহয় তাৰ বাবেও তেওঁলোকক পৰীক্ষা কৰি থাকিব লাগে ।
