সাম্প্ৰতিক সময়ত শিক্ষক এগৰাকীৰ সফলতা আৰু মান-সন্মান নিৰ্ভৰ কৰে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ফলাফলৰ ওপৰত। অৰ্থাৎ মেট্ৰিক বা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰ ৰিজাল্ট ন্যূনতম প্ৰথম বিভাগৰ পৰা আৰম্ভ কৰি প্ৰথম দহটাৰ ভিতৰত স্থান পোৱা বিধৰ হ’লেহে শিক্ষকসকলৰ শ্ৰমক স্বীকৃতি দিয়া হয়। কিন্তু শিক্ষকে শিকোৱা মানৱীয় গুণবোৰ, উৎসাহ-উদ্দীপনাবোৰ, জীৱনৰ সমস্যাৰে মুখামুখি হ’ব পৰাকৈ বা যিকোনো পৰিৱেশত নিজকে অভিযোজন কৰি ল’ব পৰাকৈ শিক্ষাৰ্থীৰ মগজুত প্ৰোথিত কৰা জীৱন কৌশলবোৰৰ কথা কেতিয়াও মূল্যায়ন নহয়।
-দিবাকৰ বৰদলৈ
ইংৰাজী মানেই ক্ষমতা(English is power)। সমাজত উচ্চশিৰে জীয়াই থাকিবলৈ, দোপত দোপে উন্নতি কৰিবলৈ, নিতৌ নতুন নতুন জ্ঞান অৰ্জন কৰিবলৈ ইংৰাজী ভাষা জানিবই লাগিব। ইংৰাজী ভাষাটো ‘স্মাৰ্ট’। ইংৰাজীত শিকা কথাবোৰো ‘স্মাৰ্ট’। ইংৰাজী ভাষাৰ জৰিয়তে যিমান কথা শিকিব পাৰি সিমান মাতৃভাষাৰ জৰিয়তে শিকিব নোৱাৰি বা অসম্ভৱ। সেয়ে, ইংৰাজী নজনাজন ‘আউডেটেড’। ইংৰাজী ভাষা ইমানেই শক্তিশালী। ৰ’ব, ভুল নুবুজিব। এয়া মই কোৱা কথা নহয়। আধুনিকতাৰ আদৰ্শপুষ্ট মানসিকতাৰ বাংময় ৰূপ এইয়া।
‘ইংৰাজীৰ শক্তিক’ স্বীকৃতি দি অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি আগন্তোক শিক্ষা-বৰ্ষৰ পৰা অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত তৃতীয় মানৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত শিক্ষাদান কৰাবলৈ সিদ্ধান্ত লোৱা হৈছে। ইয়াকে লৈ বিভিন্ন মহলত চৰ্চা আৰু বিতৰ্কৰ সৃষ্টি হৈছে। অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ বহুতে সন্দিহান প্ৰকাশ কৰাৰ বিপৰীতে কোনোৱে শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ চিন্তিত হৈছে। চৰকাৰৰ স্পষ্ট মত যে অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰিলে শিক্ষাৰ্থীয়ে ভৱিষ্যতে সৰ্বভাৰতীয় পৰ্যায়ৰ NEET, JEE, IIT আদি প্ৰৱেশ পৰীক্ষাসমূহত সফল হ’বলৈ পাৰিব। এনে লাগিছে যেন অসমত কবি, গল্পকাৰ,ঔপন্যাসিক আদিৰ কোনো প্ৰয়োজন নাই। কেৱল ডাক্তৰ আৰু অভিযন্তাৰহে প্ৰয়োজন। কিন্তু একে সময়তে চৰকাৰে অসমৰ চিকিৎসা বিজ্ঞান পাঠ্যক্ৰম অসমীয়া ভাষাত প্ৰচলন কৰিবলৈ ওলোৱা কাৰ্যৰ সাঁথৰহে বুজিব পৰা নাই। সেয়া যি কি নহওঁক, চৰকাৰৰ মাধ্যম সিদ্ধান্তৰ প্ৰভাৱ ক’ত কেনেকৈ পৰিব যিমান আলোচনা হৈছে সিমান আলোচনা হোৱা নাই শিক্ষকসকলৰ ওপৰত তাৰ প্ৰভাৱ কিমান পৰিব।
সাম্প্ৰতিক সময়ত শিক্ষক এগৰাকীৰ সফলতা আৰু মান-সন্মান নিৰ্ভৰ কৰে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ফলাফলৰ ওপৰত। অৰ্থাৎ মেট্ৰিক বা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰ ৰিজাল্ট ন্যূনতম প্ৰথম বিভাগৰ পৰা আৰম্ভ কৰি প্ৰথম দহটাৰ ভিতৰত স্থান পোৱা বিধৰ হ’লেহে শিক্ষকসকলৰ শ্ৰমক স্বীকৃতি দিয়া হয়। কিন্তু শিক্ষকে শিকোৱা মানৱীয় গুণবোৰ, উৎসাহ-উদ্দীপনাবোৰ, জীৱনৰ সমস্যাৰে মুখামুখি হ’ব পৰাকৈ বা যিকোনো পৰিৱেশত নিজকে অভিযোজন কৰি ল’ব পৰাকৈ শিক্ষাৰ্থীৰ মগজুত প্ৰোথিত কৰা জীৱন কৌশলবোৰৰ কথা কেতিয়াও মূল্যায়ন নহয়। কাৰণ কেৱল শৈক্ষিক সফলতাই সৰ্বস্ব বুলি ভবাসকলে নাজানে এটা সুখ আৰু আনন্দৰে ভৰা সফল জীৱন প্ৰাপ্তিৰ কাৰণে জীৱন কৌশলৰ কিমান প্ৰয়োজন। ড০ ডেনিয়েল গ’লমেনে তেখেতৰ বিখ্যাত গ্ৰন্থ Emotional Intelligence – Why it can matter more than I.Q. ৰ মত অনুসৰি জীৱনৰ সফলতাত মাত্ৰ ২০% সহায়হে সাধাৰণ বুদ্ধিমত্তাই (I.Q.) কৰে, বাকী ৮০% বেলেগ বেলেগ কাৰকে আৰিহণা যোগায়। এই ৮০% ৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে ব্যক্তিৰ আৱেগিক বুদ্ধিমত্তা, ভাগ্য, সামাজিক শ্ৰেণী ইত্যাদি। শৈক্ষিক দিশত সফলতা লাভ কৰাৰ ক্ষেত্ৰতো I.Q. ৰ লগতে ৰুচি, অভিৰোচন, সামাজিক কাৰক, শিক্ষক-শিক্ষয়িত্ৰীৰ সহায়-সহযোগিতা ইত্যাদিবোৰ জড়িত হৈ থাকে। অৰ্থাৎ আমাৰ কথা হ’ল শিক্ষাৰ্থীৰ শৈক্ষিক সফলতাত যেনেকৈ শিক্ষক-শিক্ষয়িত্ৰীৰ গুৰুত্বপূৰ্ণ ভুমিকা আছে ঠিক তেনেদৰে জীৱনৰ সামগ্ৰিক সফলতাটো শিক্ষক-শিক্ষয়িত্ৰীৰ বৰঙণি অনস্বীকাৰ্য। সেয়ে এগৰাকী শিক্ষাৰ্থীৰ সফলতাত যিদৰে শিক্ষাৰ্থী এগৰাকীৰ মেধা, অধ্যৱসায়ৰ লগতে তেওঁৰ অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, পৰিয়াল, সামাজিক পৰিৱেশ, আদিক স্বীকৃতি দিয়া হয় ঠিক সেই দৰে বিফলতাৰ সময়তো এইবোৰ কাৰকে সমানে স্থান পোৱা উচিত- কেৱল শিক্ষকসকল নহয়।
এতিয়া আহিছোঁ মাধ্যমৰ কথালৈ। আমি জনাত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা বহু প্ৰাৰ্থীয়ে টেট(TET) উত্তীৰ্ণ হৈও নিযুক্তিৰ সুবিধা পোৱাৰ পৰা বঞ্চিত হৈ আছে। কাৰণ অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষক হিচাপে নিযুক্তি পাবলৈ দশম মানলৈ অসমীয় বিষয়টো পঢ়াতো অপৰিহাৰ্য। কিন্তু নিযুক্তি নোপোৱা এইসকল প্ৰাৰ্থীয়ে বিদ্যালয় পৰ্যায়ত অৰ্থাৎ দশম মানলৈ অসমীয়া বিষয়টো পঢ়া নাছিল। সেয়ে ভোটৰ অংকৰ প্ৰতি দৃষ্টি ৰাখি আমাৰ চৰকাৰে ‘সবকে সাথ, সবকে বিকাশ’ নীতি ৰূপায়ণ কৰিবলৈকে সুৰুঙা বিচাৰি ইংৰাজীৰ আশ্ৰয় লোৱা যেন মনে ধৰে। তাকে কৰিবলৈ যাওঁতে তৃতীয়মানৰ পৰা বিজ্ঞান আৰু গণিত বিষয়টো ইংৰাজী মাধ্যমত পাঠদান কৰিলে আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ব গাঁৱৰ শিক্ষাৰ্থীসকল যিসকলৰ পিতৃ-মাতৃ আৰু অভিভাৱক নিৰক্ষৰ বা যিসকলে কোনোমতে জোঁটাই জোঁটাই পঢ়িব পাৰে। কিয়নো বিদ্যালয়ত শিক্ষকে পঢ়ুৱা পাঠ এটা যেতিয়া ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে ঘৰত গৈ পঢ়িবগৈ সেই ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে ভুলকৈ পঢ়িছেনে শুদ্ধকৈ পঢ়িছে তাক নিৰীক্ষণ কৰিবলৈ কোনো নাথাকিব। সৰুতে আমি পঢ়োঁতে আমাৰ ভুল উচ্চাৰণবোৰ মা-দেউতাই শুধৰাই দিছিল। কেতিয়াবা দুই এটা শব্দৰ অৰ্থ সুধি আমি কথাবোৰ বুজি পাইছোঁনে নাই তাৰো প্ৰমাণ চাই নুবুজা কথাবোৰ বুজাই দিছিল। কিন্তু আজি সেইসকলৰ কি হ’ব, যিসকলৰ এনে কোনো নাই যি নেকি তেওঁলোকৰ ভুলবোৰ বা নুবুজা কথা বোৰ আঙুলিয়াই দি বুজাই দিব পাৰে ? ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব ছাত্ৰ বা ছাত্ৰী গৰাকীৰ শৈক্ষিক প্ৰদৰ্শনত। তলৰ শ্ৰেণীতে কথাবোৰ ভালকৈ আয়ত্ত কৰি নল’লে ওপৰৰ শ্ৰেণীত গণিত আৰু বিজ্ঞানৰ জটিল কথাবোৰ বুজিপোৱাত অধিক কঠিন হৈ পৰিব। হয়তো তেনে শিক্ষাৰ্থীয়ে হিনমন্যতাত ভুগি বিদ্যালয় এৰি দিব। অৰ্থাৎ শিক্ষাৰ্থীৰ সামগ্ৰিক ফলাফল নিম্নগামী হোৱাৰ লগতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্য ঊৰ্ধগামী হ’ব। ফলস্বৰূপে সমগ্ৰ দোষ পাকে-প্ৰকাৰে সকলোৱে মিলি ঠেলি দিব শিক্ষকসকললৈ, যিটো বৰ্তমান সময়ত হৈ আছে। ইতিমধ্যেই এচামে বু বু-বা বা কৰিছেই অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ শিক্ষকে ইংৰাজী নাজানে বুলি। প্ৰশিক্ষণ দিলেও ফলপ্ৰসূ নহ’ব, কিয়নো ‘‘বুঢ়া শালিকাই মাত নলয়”। ইংৰাজীত পাঠদান আৰম্ভ নৌহওঁতেই শিক্ষকক বুঢ়া শালিকা সাজিব পাৰিলে পৰৱৰ্তীসময়ত কি সজাব পাৰে তাৰ কল্পনাৰো অতীত। ক’ৰ’বাত দুই এজন অযোগ্য শিক্ষক নিশ্চয় থাকিব, তাক অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু বাস্তৱক্ষেত্ৰত বৰ্তমানৰ বিদ্যালয়সমূহত যথেষ্ট অভিজ্ঞ আৰু মেধাসম্পন্ন শিক্ষক-শিক্ষয়িত্ৰী আছে। সেয়ে আমাৰ বিশ্বাস, উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিলে বিদ্যালয়ত ইংৰাজী মাধ্যমত পাঠদান কৰাতো বৰ কঠিন কাম নহ’ব। সমস্যা হৈছে, গাঁৱৰ দৰিদ্ৰ, অশিক্ষিত বা অৰ্ধ-শিক্ষিত ঘৰৰ শিক্ষাৰ্থীসকলক লৈ। যি সকল অভিভাৱক বা পিতৃ-মাতৃয়ে নিজৰ সন্তানটিক অসমীয়া পাঠ এটা পঢ়াই দিবলৈ অপাৰগ তেনে অভিভাৱক বা পিতৃ-মাতৃয়ে অংক-বিজ্ঞানৰ ইংৰাজী Term বা সেইবোৰৰ অৰ্থ কেনেকৈ বুজাব ? দৈনিক হাজিৰা কৰি পেট প্ৰৱৰ্তাই থকা এইসকল অভিভাৱকে তেওঁলোকৰ সন্তান-সন্ততিক টিউশ্যন দিবলৈও অসমৰ্থ। এইবোৰ কথা অনুধাৱন কৰিয়ে শিক্ষক সমাজে চৰকাৰৰ সিদ্ধান্ত সলনি কৰিবলৈ সজোৰে দাবী জনোৱা উচিত। অন্যথা উৰহৰ খং ভগা ঢাৰিত পৰিব যে ধুৰুপ।
বি.দ্ৰঃ এই লেখাটো ‘আমাৰ অসম’ কাকতত পূৰ্বে প্ৰকাশিত।
And read
Skill of Introducing a LessonSkill of Demonstration

