© দিবাকৰ বৰদলৈ
মৃত্যু নামৰ সহচৰজনক লগত লৈ
ঘূৰি ফুৰোঁ আমি ৷
উপজা দিনৰে পৰা যি আমাৰ লগৰী ৷
শৈশৱৰ পৰা বৃদ্ধাৱস্থালৈ
এক দীঘলীয়া পৰিক্ৰমা জীৱনৰ
কিন্তু মৃত্যু নামৰ আমাৰ সহচৰজন
সদায়ে পূৰ্ণবয়স্ক ৷
এন্ধাৰৰ সুযোগ লৈ
গাৰ ছাঁটোও কেতিয়াবা আঁতৰি যায়
কিন্তু মৃত্যু নাযায়
অনবৰতে সি লাগি ফুৰে
আমাৰ স’তে ৷
মৃত্যু নামৰ সহচৰজনক আমি
খেদি পঠিয়াব নোৱাৰোঁ ৷
সেই শকতি আমাৰ নাই
বলিউদৰ তাৰকা শ্ৰীদেৱীৰ কথা ভাবকচোন
আৰু ভাবকচোন
ৰকষ্টাৰ মাইকেল জেকচনৰ কথা ৷
মানুহে কয়
"মৃত্যু আহে"৷
মৃত্যু নাহে ৷
ই আমাৰ সহচৰ
ওপজা দিন ধৰি ই অনবৰতে
লাগি ফুৰে আমাৰ স’তে ৷
মৃত্যু নাহে ৷
মৃত্যু গুচি যায় ৷
নিজ ইচ্ছানুসৰি এদিন
গুচি যায় মৃত্যু আৰু লগত লৈ যায় জীৱন !
Tags:
My Corner
