© দিবাকৰ বৰদলৈ
দেখাত মই তেনেই শুদা মানুহটো
সপোন কিন্তু অনেক ৷
হাত খালী হ’ব পাৰে
খালী হ’ব পাৰে হাতৰ মোনাখন
কিন্তু-
বহু সপোন বুকুত বান্ধি
ঘূৰি ফুৰোঁ মই ৷
দেখাত উদাস উদাস লাগিব পাৰে
পৰিহিত পোচাকত নাথাকিব পাৰে
এলপিজিৰ ৰাঙলী আভা
সেইবুলি নাভাবিব মোৰ একো নাই ৷
নাই আশা নাই ভাৰসা
নাভাবিব মই সৰ্বস্বান্ত ৷
আপোন বন্ধু বান্ধৱে লগ পালেই
আমাৰ সংসাৰৰ কথা সোধে
মই কওঁ - “পৰিকল্পনা কৰি আছোঁ” ৷
ভুকুটে কলটোতো নপকে !
কেতিয়াবা ঘৰ-বাৰীৰ কথা সোধে
মই কওঁ “অকণমান মাটি লৈ থৈছোঁ ৷
‘আপোন ঘৰ’ ঋণটো পালেই আৰম্ভ কৰিম কাম ৷
প্ৰথমতে ফ্লেট লোৱাৰ কথাই আছিল ৷
ভাৰাঘৰত থাকি থাকি কিবা অঘৰী হৈ গৈছোঁ ৷
নিজাকৈ এখন ঘৰৰ কথা ভাবি আছোঁ ৷
নিজৰ মাটিত থিয় হৈ আকাশ চোৱাৰ মজাই বেলেগ !”
কিন্তু নিজৰ ঘৰৰ কামত হাত দিয়াৰ আগতে
ভাবি আছোঁ গাঁৱৰ ঘৰখনৰ মেৰামতিৰ কথা ৷
ঘুণেধৰা দুৱাৰ খিৰিকীৰ চৌকাঠবোৰ সলাব লাগিব ৷
উঁৱলি যোৱা ৰংবোৰৰ ওপৰত নতুন ৰং সানিব লাগিব ৷
মামৰেধৰা দুই এচলা টিনো সলাব লাগিব ৷
পাৰিলে মজিয়াতো টাইলছ লগাব বিচাৰোঁ ৷
বহু সপোন ৷ বহু পৰিকল্পনা ৷
কেৱল সপোনেই নহয়
শৰীৰত এসোপামান বেমাৰ
পোৱা নোপোৱাৰ এগালমান হা-হুমুনিয়াহ কঢ়িয়াই ফুৰিছোঁ লগত
যিবোৰৰ পৰা মুক্তি বিচাৰি
দুদিন বেচিকৈ ভোগ কৰাৰ আশা বান্ধি ৰাখিছোঁ মনত ৷
দেখাত মই তেনেই শুদা মানুহটো
হাত খালী
মোনা খালী
কিন্তু বহু সপোন বুকুত বান্ধি
ঘূৰি ফুৰোঁ মই ৷
