আত্মসচেতনতা, আশাবাদ আৰু জীৱনত সুখী হোৱাৰ কৱচ

জীৱনটোক উপলব্ধি কৰিবলৈ কেৱল জ্ঞান আৰু বোধেই যথেষ্ট নহয়। আৰ্জিত জ্ঞান আৰু বোধক বাস্তৱিক ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰিব লাগিব। অৰ্থাৎ জীৱন কৌশলে জ্ঞান আৰু বোধক কাৰ্যকৰীভাৱে প্ৰয়োগ কৰিব পৰা দক্ষতাক বুজায়। আকৌ আমি সাধাৰণতে আনক আশাবাদী হবলৈ কওঁ, সহমৰ্মী হ’বলৈ বা কৃতজ্ঞ হ’বলৈ কওঁ, ক্ষমাদান মহৎ দান বুলি কওঁ। কিন্তু কেনেকৈনো আশাবাদী হ’ব পাৰি, কেনেকৈনো সহমৰ্মী হ’ব পাৰি বা কেনেকৈনো ক্ষমাদান কৰিব পাৰি সেইবোৰ আমি নকওঁ বা এই জীৱন কৌশলবোৰো যে শিকিব-শিকাব পাৰি আমি নাজানো।

“আত্মসচেতনতা, আশাবাদ আৰু জীৱনত সুখী হোৱাৰ কৱচ” মূলতঃ জীৱন কৌশল সম্পৰ্কীয় প্ৰবন্ধ-সংলন। বিশ্ব স্বাস্থ্য সংস্থা (WHO) ই জীৱন কৌশলৰ সংজ্ঞা দিছে এনেদৰে- “ the abilities for adaptive and positive behaviour that enable individuals to deal effectively with the demands and challenges for everyday life”. অৰ্থাৎ জীৱন কৌশল হ’ল, ইতিবাচক আচৰণ আৰু অভিযোজনৰ বাবে প্ৰয়োজনীয় সেইবোৰ সক্ষমতা যিবোৰে দৈনন্দিন জীৱনৰ আহ্বান আৰু প্ৰত্যাহ্বানসমূহৰ স’তে কাৰ্যকৰীভাবে মোকাবিলা কৰিবলৈ আমাক সহায় কৰে।

জীৱনটোক উপলব্ধি কৰিবলৈ কেৱল জ্ঞান আৰু বোধেই যথেষ্ট নহয়। আৰ্জিত জ্ঞান আৰু বোধক বাস্তৱিক ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰিব লাগিব। অৰ্থাৎ জীৱন কৌশলে জ্ঞান আৰু বোধক কাৰ্যকৰীভাৱে প্ৰয়োগ কৰিব পৰা দক্ষতাক বুজায়। আকৌ আমি সাধাৰণতে আনক আশাবাদী হবলৈ কওঁ, সহমৰ্মী হ’বলৈ বা কৃতজ্ঞ হ’বলৈ কওঁ, ক্ষমাদান মহৎ দান বুলি কওঁ। কিন্তু কেনেকৈনো আশাবাদী হ’ব পাৰি, কেনেকৈনো সহমৰ্মী হ’ব পাৰি বা কেনেকৈনো ক্ষমাদান কৰিব পাৰি সেইবোৰ আমি নকওঁ বা এই জীৱন কৌশলবোৰো যে শিকিব-শিকাব পাৰি আমি নাজানো। অৰ্থাৎ আমি ‘কি’ হ’ব লাগে সেইটোহে কওঁ বা জানো কিন্তু ‘কেনেকৈ’ হ’ব লাগে সেইটো নাজানো। মোৰ এই ক্ষুদ্ৰ লেখাৰে ‘কেনেকৈ’টো দিবলৈ চেষ্টা কৰিছোঁ। সেয়ে মই কওঁ, এই কৱচ জীৱনৰ কৱচ। এই কৱচ সুখ-সমৃদ্ধি আৰু সাহসৰ কৱচ। জীৱন কিমান মধুৰ তাক উপলব্ধি কৰাৰ কৱচ। ইতিবাচক দৃষ্টিভংগীৰে জীৱনটোক অৰ্থপূৰ্ণ কৰিবলৈ এই কৱচ। মানুহে মানুহৰ মাজত প্ৰাচীৰৰ সলনি সেতু সাজিবলৈ এই কৱচ।

এই কিতাপখন সকলোৰে বাবে যদিও মই বিশেষভাৱে অনুৰোধ কৰোঁ প্ৰত্যেকগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয় আৰু অভিভাৱক/পিতৃ-মাতৃয়ে এই কিতাপখন পঢ়ক আৰু কাৰ্যত প্ৰয়োগ কৰক। এজন শিক্ষক হিচাপে বুজি উঠিছিলোঁ ছাত্ৰ-ছাত্ৰীক বিদ্যালয় পৰ্যায়তে জীৱনবোধ আৰু জীৱন-কৌশল সমূহৰ শিক্ষা প্ৰদান কৰাতো অত্যন্ত জৰুৰী। কিন্তু শিক্ষকসকলৰ বাবে তেনে কোনো হাতপুথি নাই। সেয়ে প্ৰতিটো প্ৰবন্ধতে শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকে তেওঁলোকৰ লৰা-ছোৱালী আৰু ছাত্ৰ-ছাত্ৰীক অনুশীলন কৰাব পৰাকৈ কিছুমান ক্ৰিয়া-কলাপ অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ আমি সাধাৰণ মানুহেও অনুশীলন কৰিব পাৰোঁ।

এইখিনিতে উল্লেখ কৰি থওঁ, প্ৰবন্ধবোৰৰ প্ৰায়বোৰ কথাই ইতিবাচক মনোবিজ্ঞান (Positive Psychology)-ৰ অন্তৰ্গত। মনোবিজ্ঞানীসকলে গৱেষণাত পোৱা কথা এইবোৰ। গতিকে বৈজ্ঞানিক ভিত্তি আছে আৰু সেইবোৰ নিৰ্ভৰযোগ্য। মনোবিজ্ঞানৰ কথা হ’লেও সকলো পাঠকে সহজে কথাবোৰ বুজি পোৱাকৈ লিখিবলৈ চেষ্টা কৰা হৈছে।

‘কৱচ’ মোৰ প্ৰথম প্ৰেচেষ্টা। ভুল-ত্ৰুটী হোৱাতো স্বাভাৱিক- তাৰ বাবে মই ক্ষমাৰ প্ৰাৰ্থী। মই আশাবাদী, শ্ৰদ্ধাৰ পাঠক সমাজে মোৰ ভুলবোৰ আঙুলিয়াই দি গঠনমূলক পৰামৰ্শ আগবঢ়াব। কৱচে পাঠকসকলক উপকৃত কৰা বুলি জানিলে মোৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিম।

সূচী পত্ৰ
১) মাইণ্ডফুলনেচ
২) ইতিবাচক আৱেগ
৩) কৃতজ্ঞতা প্ৰকাশৰ অভ্যাস কৰক
৪)আশাবাদ
৫) আশা
৬) সহমৰ্মিতা
৭) ৰিজিলিয়েন্স
৮) এই মুহূৰ্তৰ কথা
৯) হেৰুৱাবলৈ সাহস কৰক
১০) আৱেগিক বুদ্ধিমত্তা
১১) সবলতাবোৰ
১২) ইকিগাই
১৩) আত্ম-সচেতনতা
১৪) ক্ষমাদান
১৫) দায়বদ্ধতা
১৬) জীৱনৰ অৰ্থ
১৭) জীৱনৰ আশীৰ্বাদসমূহ

Post a Comment

Previous Post Next Post