পখিলা

© দিবাকৰ বৰদলৈ

এজনী পখিলা আঁকিছিলোঁ
ৰক্ত-মাংসৰ মোৰেই
এখিলা কাগজৰ
কোনোবা এটি কোণত
বসন্তৰ কোনোবা এটি ক্ষণত

হঠাতে প্ৰাণ পায়
কিয় জানো তাই
উৰি গুচি গ’ল

ৰং কৰাই নহ’ল
তিওৱা তুলিকা
তিওৱাতে ৰ’ল।


Post a Comment

Previous Post Next Post