শব্দবোৰক অস্ত্ৰ হ'ব দিব নালাগে

© দিবাকৰ বৰদলৈ

অস্ত্ৰই অস্ত্ৰ বঢ়াই
শান্তি কাঢ়ি ৰোপন কৰে অশান্তিৰ বীজ
প্ৰদূষিত কৰে মন



হৃদয় থাকিব লাগে শব্দত
থাকিব লাগে প্ৰেম। ভালপোৱা।

ধ্বংস নহয়
সৃষ্টি থাকিব লাগে শব্দত
শব্দত সঞ্জীৱনী থাকিব লাগে
জীয়াই তুলিব পৰাকৈ মুমূৰ্ষুক
প্ৰাণ দিব পৰাকৈ প্ৰাণহীনক।
শব্দবোৰক অস্ত্ৰ হ'বলৈ দিব নালাগে
যুদ্ধ কোনেও কামনা নকৰে।

শব্দবোৰ অস্ত্ৰ হ'লে
জী উঠিব কোনোবা হিটলাৰ নতুবা মুছলিনি
জী উঠিব পাৰে দস্যু অংগুলিমাল।

শব্দবোৰ অস্ত্ৰ হ'লে
জীয়াই নাথাকিব কোনো গান্ধী নতুবা মাণ্ডেলা
শব্দবোৰ অস্ত্ৰ হ'লে
সম্পৰ্কবোৰত ফাট মেলিব
পাষাণ হ'ব মনবোৰ

শব্দবোৰ অস্ত্ৰ হ'লে
লোপ পাব মানৱতা
আৰু
চকুলো হৈ ব’ব তেজ।।


Post a Comment

Previous Post Next Post