© দিবাকৰ বৰদলৈ
সকলো ব্যস্ততা পাহৰি
এদিন আপোনাৰ ঘৰলৈ যাম
আপোনাক খবৰ নিদিয়াকৈ
চামগৈ আপুনি কিমান ব্যস্ত
কিয় আপুনি ইমান ব্যস্ত
ব্যস্ততা ব্যস্ততা ব্যস্ততা
ব্যস্ততা দোহাই দি
নামাতে আমাক আপোনাৰ ঘৰলৈ
আমাৰ ঘৰলৈও নাহে কাহানিও
ইমান ব্যস্তনে আপুনি ?
সকলো ব্যস্ততা পাহৰি
ময়েই এদিন যাম
আপোনাৰ ঘৰলৈ
চামগৈ
ক'ত আছে আপোনাৰ ব্যস্ততাৰ যাদুঘৰ
এদিন এৰাতি কটাম
আপোনাৰ সোঁৱে বাঁৱে
খনন কৰিমগৈ আপোনাৰ ভিতৰৰ
মহেঞ্জোদাৰো কিম্বা হৰপ্পা!
অতি সংগোপনে এদিন
আপোনাৰ ঘৰ ওলামগৈ
ব্যস্ত হ'মগৈ আপোনাৰ ব্যস্ততাৰে!
Tags:
My Corner
