© দিবাকৰ বৰদলৈ
মই আপোনাৰ মনৰ কথা নুশুনো।
দেওবাৰে মোৰ এওঁৰ কথা শুনিম
ঘৰলৈ ফোন কৰি মাৰ কথা শুনিম
দেউতাৰ কথা শুনিম
ইমনৰ কলকলনি শুনিম
শংকৰ-মাধৱ গুৰুৰ দুই-এটি
বৰগীত শুনিম
আজানপীৰৰ জিকিৰ শুনিম
ভূপেনদাৰ মানৱতাৰ জয়গান শুনিম
মোলৈ ফোন কৰা
বন্ধু-বান্ধীৰ কথা শুনিম
ছাত্ৰ-ছাত্ৰীৰ কথা শুনিম
দেওবাৰে দুই-এটা
ভাল লগা কবিতা পঢ়িম
গল্প পঢ়িম
শৰীৰচৰ্চা কৰিম
সাহিত্যচৰ্চা কৰিম
কিন্তু নুশুনো
মই নুশুনো আপোনাৰ মনৰ কথা
কাৰণ আপুনি আমাৰ মনৰ কথা নুশুনে
আপুনি নুশুনে
আমাৰ কান্দোনবোৰ
আমাৰ আৰ্তনাদবোৰ
আপুনি নুশুনে
আমাৰ ভাল লগা বেয়া লগাবোৰ
আমাৰ সমস্যাবোৰ
আমাৰ প্ৰয়োজনবোৰ
সেয়ে মই আপোনাৰ
মনৰ কথা নুশুনো
শুনিব নোৱাৰোঁ।।
Tags:
My Corner
