© দিবাকৰ বৰদলৈ
আপুনি মোক দেখিলে ক'ব নোৱাৰিব
মই যে পিঠিত কঢ়িয়াই ফুৰিছোঁ এক বিষাক্ত বোজা
যাৰ ব্ৰেণ্ড নেইম এংকাইল'জিং স্পণ্ডিল'চিচ
কাহানিও আঁতৰাব নোৱৰা এই বোজা।
মুখত এমোকোৰা হাঁহি লৈ
সবল ডেকাৰ ছদ্মবেশ ধৰি
সন্তৰ্পণে সাবধানে খোজ কাঢ়োঁ
গাড়ী চলাও
পিঠিত বান্ধি লৈ ট্ৰেভেল বেগ
যাত্ৰা কৰোঁ কৰ্তব্যথলীলৈ।
সেয়ে সদা-সৰ্বদা অহোৰাত্ৰ কঢ়িয়াই ফুৰা
মোৰ ব্ৰেণ্ডেদ বোজাটো কোনেও নেদেখে।
কোনেও বিশ্বাস নকৰে মোৰ ব্ৰেণ্ডেদ বোজাটোৰ কথা
কাৰণ মই দেখুৱাব নোৱাৰোঁ তাক।
মই বুজাব নোৱাৰোঁ তেওঁলোকক
হাতৰ পৰা বস্তু এটা সৰি পৰিলে মোৰ কিয় খং উঠে
জোতাৰ লেচ্ কিয় বান্ধিবলৈ টান পাওঁ
কিয় খং উঠে একেটা কাম বাৰে বাৰে কৰিবলৈ পালে
মই বুজাব নোৱাৰোঁ
সম্ভ্ৰম স্বাভিমান বিসৰ্জন দি
কৰ্মক্ষেত্ৰ বদলিৰ প্ৰাৰ্থনা কৰি
কিয় ঘূৰি ফুৰোঁ বিষয়াৰ দুৱাৰে দুৱাৰে।
আপুনি মোক দেখিলে ক'ব নোৱাৰিব
মোৰ দৰে তজবজীয়া কোনো ডেকাই
ৰাতিৰ বিচনতা বাগৰ সলাবলৈও এবেলি যুঁজিব লাগে !
