© দিবাকৰ বৰদলৈ
তোমাৰ ফাগুনী ওঁঠে
মোৰ তেজত তোলে
এসোঁতা বলীয়া পছোৱা
চকুৰ পতাত কুণ্ডলী পকাই
মোৰ বাট আগছি
মোৰ স'তে খেলিব খোজে
মই নিৰুপায় ।
যৌৱনৰ দেওলগা পদূলিত
দেখিছিলোঁ
আনমনা তোমাক
তোমাৰ ফাগুনী ওঁঠত জ্বলে
মোৰ পলাশী কলিজা
মই চাই হৈ মৰোঁ!
Tags:
My Corner
