© দিবাকৰ বৰদলৈ
আমাৰ গাঁৱৰ শিমলুতলত
বিকাশৰ ধ্বজা মেলি
আমাৰ গাঁৱৰ শিমলুতলত
লহপহকৈ বাঢ়ি আহিল দোকান-পোহাৰবোৰ
কিন্তু শিমলুজোপাহে নাই ।
আকাশত বিশাল ৰঙা নিচান উৰুৱাই যি
লালন কৰিছিল ফাগুনক
যি আছিল অচিন বাটৰুৱাৰ পাথেয়
সেই শিমলুতলত নাই শিমলুজোপা।
পুৱা-গধুলিক আমন্ত্ৰণ জনোৱা পক্ষীবোৰ খেদি
আমাৰ গাঁৱৰ শিমলুতলত
লহপহকৈ বাঢ়ি আহিল দোকান-পোহাৰবোৰ
আৰু মোৰ বুকুত ব্যথা!
আশা
আশা লৈ জীয়াই থকা মানুহবোৰ
জীয়াই থাকে আশা লৈ
বছৰৰ পিছত বছৰ ধৰি
যদিও কোনো কোনো নিৰাশ হয়
আৰু নিৰাশ হৈ হেৰুৱাই পেলায় আশা
আৰু আশা দেখুওৱা মানুহবোৰো
জীয়াই থাকে আশা দেখুৱাই
আশা লৈ জীয়াই থকা মানুহবোৰক
নিৰাশ হোৱা মানুহবোৰক নিৰাশ নহ'বলৈ
তেওঁলোকৰ আমোঘ বাণীৰে-
ভাল দিন আহিব
পৰিৱৰ্তন আহিব।
আৰু আশা লৈ জীয়াই থকা মানুহবোৰো
জীয়াই থাকে
আশা দেখুওৱা মানুহবোৰৰ আশাত।
দিনৰ পিছত দিন
বছৰৰ পিছত বছৰ!
বি.দ্ৰঃ এই দুয়োটা কবিতাই ইতিমধ্যে poetry without fear নামৰ দ্বি-ভাষিক অনলাইন আলোচনীত প্ৰকাশ পাইছে। কবিতা দুটিৰ ইংৰাজী আনুবাদ পঢ়িবলৈ poetry without fear লিংকত ক্লিক কৰক ।
