সুখী মানুহবোৰ

© দিবাকৰ বৰদলৈ

সুখী মানুহবোৰে
পালিব জানে দুখ

কোলাই বোকোচাই তুলি দুখক
কটাই দিব পাৰে অহ্ন অপৰাহ্ন

দুখক লগতে বহুৱাই
সুখী মানুহবোৰে
গ্ৰহণ কৰিব পাৰে
দুবেলা দুসাঁজ

ৰাতি উজাগৰে থাকিও
মাৰিব পাৰে শান্তিৰ ঘুমটি

সুখী মানুহবোৰে
হাঁহি ভাল পায়
ভাল পায় হঁহুৱায়

পোৱা নোপোৱাৰ হিচাপে
বিচলিত কৰিব নোৱাৰে
স্থিতপ্ৰজ্ঞ তেওঁলোকক ৷

আপোনাৰ মোৰ দৰে
সুখী মানুহবোৰে
বিচাৰি নুফুৰে সুখ।
দুখ দুখ বুলিও নাকাঢ়ে হুমুনিয়াহ ।


Post a Comment

Previous Post Next Post