অলপ আহৰিৰ প্ৰয়োজন

© দিবাকৰ বৰদলৈ

অলপ আহৰিৰ প্ৰয়োজন ৷
সূৰ্যোদয় অথবা
সূৰ্যাস্তৰ
অথবা
ৰাতিৰ আকাশলৈ মূৰ তুলি চাবলৈ

দুই এটি প্ৰিয় গীত শুনি
গুনগুনাই প্ৰিয় কবিৰ
এটি দুটি কবিতা
আপোন পাহৰা হ’বলৈ

ভিৰৰ মাজতো
নিজক চিকুটি চাবলৈ ৷

কেতিয়াবা খুউব মন যায়
দৈনন্দিন প্ৰাচীৰখনৰ সিপাৰৰ
জগতখন জুমি চাবলৈ ৷

খুউব মন যায় স্তব্ধ কৰি দিবলৈ
ঘড়ী নামৰ অদৃশ্য হাতখন
যাৰ নিয়ন্ত্ৰণত ৰুদ্ধ হয় আমাৰ ইচ্ছা অনিচ্ছা ৷

ঈৰ্ষা ওপজে
গধূলি পদূলি মুখেৰে
সুহুৰিয়াই যোৱা ডেকাজনলৈ ৷

ঈৰ্ষা ওপজে
পাতৰ আঁৰত আপোন মনে
গীত গোৱা চৰাইজনীলৈ ৷

কিমাননো গ্ৰহগতিৰে আৱৰ্তন পৰিভ্ৰমণ
অলপ আহৰিৰ প্ৰয়োজন
কিছু সময় থমকি
অনুভৱ কৰিবলৈ তেজৰ গতি৷৷

Post a Comment

Previous Post Next Post