© দিবাকৰ বৰদলৈ
মোক লাচিতৰ তৰোৱালখন লাগে
বহুদিনৰ পুঞ্জীভূত ক্ষোভৰ কঠিন শীলত
শান দি
মোৰ ভিতৰৰ মানুহটোক
ৰূপ দিম লাচিতৰ৷
পৰিকল্পনা কৰিছোঁ এক মিছনৰ৷
সুযোগ বুজি ওলাই যাম মিছনলৈ৷
এফালৰ পৰা কৰি যাম শিৰশ্ছেদ
যাৰ কূট কৌশলত
শান্তিৰ নিকুঞ্জ বনত
গজি উঠে বিষাক্ত বৃক্ষ ৷
কাটি যাম সেই অদৃশ্য হাতবোৰ
যিবোৰ হাতে অনায়াসে
হত্যা কৰে মানবতা ৷
কাটি যাম সেই ভৰিবোৰো
যি মোহাৰি পেলাই
সভ্যতাৰ লক্ষ্মণ ৰেখা৷
কিমান দিনলৈ
আৰু কিমান দিনলৈ
ধৃতৰাষ্ট্ৰৰ চকু লৈ জীয়াই থাকিম
কিমান দিনলৈ
আৰু কিমান দিনলৈ
জয়ধ্বজী জীৱন কটাম
মোক লাচিতৰ তৰোৱালখন লাগে
হয় যদি হওক আকৌ ৰাঙলী
শৰাইঘাটৰ মাটি
হয় যদি হওক আকৌ ৰাঙলী
বুঢ়ালুইতৰ পানী৷
শীতল এজাক মৌচুমীৰ স্বাৰ্থত
অকণমান সেউজীয়াৰ স্বাৰ্থত
মোক লাগে লাচিতৰ তৰোৱালখন ৷৷
Tags:
My Corner