-দিবাকৰ বৰদলৈ
সঠিক প্ৰশংসাই কেইবাটাও কথা সামৰি লয়। প্ৰথমতে, যাক প্ৰশংসা কৰিব বিচাৰিছে তেওঁকেই প্ৰশংসা কৰক। অৰ্থাৎ কাৰোবাক প্ৰশংসা কৰিবলৈ গৈ আন কাৰোবাক প্ৰশংসা নকৰিব। ধৰা হওক, পৰীক্ষাত ভাল ফল দেখুওৱাৰ বাবে এগৰাকী ছাত্ৰীক আপুনি প্ৰশংসা কৰিছে এনেদৰে-“তোমাৰ খবৰটো পাই ভাল লাগিছে। তুমি ইমান ভাল ঘৰৰ ছোৱালী, তাতে আকৌ ইমান ভাল স্কুলত পঢ়িছা গতিকে ফলাফল ভাল হ’বই।” এতিয়া ভাবকচোন আপুনি প্ৰশংসা কৰিব খুজিছিলে ছাত্ৰী গৰাকীক কিন্তু প্ৰশংসা কৰিলে তাইৰ ঘৰ আৰু বিদ্যালয়খনক। এনে প্ৰশংসাৰ কোনো মূল্য নাই।
প্ৰশংসা হ’ল এক ইতিবাচক মন্তব্য যাৰ জৰিয়তে প্ৰশংসিত ব্যক্তিগৰাকীয়ে মনত উৎসাহ আৰু আনন্দ পায়। প্ৰশংসাৰ এনে ক্ষমতা আছে যি এজন ব্যক্তিক সফলতাৰ শীৰ্ষ বিন্দুত উপনীত হোৱাত সহায় কৰিব পাৰে।কিন্তু প্ৰশংসা সঠিক হ’ব লাগিব, নহ’লে তাৰ পৰা একো ফল পোৱা নাযায় বা তেনে প্ৰশংসাৰ পৰা বিপৰীত ফলহে পোৱা যায়। শিক্ষক সমাজে প্ৰশংসাক বিশেষভাবে গুৰুত্ব প্ৰদান কৰিব লাগে এই বাবেই যে প্ৰশংসা হ’ল ছাত্ৰ-ছাত্ৰী সকলক পুনঃপ্ৰবলীকৰণ(Reinforcement)-ৰ এক উত্তম পন্থা। প্ৰশংসাই শিক্ষাৰ্থীসকলৰ মনত আনন্দ প্ৰদান কৰে আৰু অধিক উৎসাহেৰে শিকন কাৰ্যত সহযোগ কৰিবলৈ সাহস যোগায়।
সঠিক প্ৰশংসাই কেইবাটাও কথা সামৰি লয়। প্ৰথমতে, যাক প্ৰশংসা কৰিব বিচাৰিছে তেওঁকেই প্ৰশংসা কৰক। অৰ্থাৎ কাৰোবাক প্ৰশংসা কৰিবলৈ গৈ আন কাৰোবাক প্ৰশংসা নকৰিব। ধৰা হওক, পৰীক্ষাত ভাল ফল দেখুওৱাৰ বাবে এগৰাকী ছাত্ৰীক আপুনি প্ৰশংসা কৰিছে এনেদৰে-“তোমাৰ খবৰটো পাই ভাল লাগিছে। তুমি ইমান ভাল ঘৰৰ ছোৱালী, তাতে আকৌ ইমান ভাল স্কুলত পঢ়িছা গতিকে ফলাফল ভাল হ’বই।” এতিয়া ভাবকচোন আপুনি প্ৰশংসা কৰিব খুজিছিলে ছাত্ৰী গৰাকীক কিন্তু প্ৰশংসা কৰিলে তাইৰ ঘৰ আৰু বিদ্যালয়খনক। এনে প্ৰশংসাৰ কোনো মূল্য নাই। দ্বিতীয়তে, আপুনি যাক প্ৰশংসা কৰিছে তেওঁ জানিব লাগিব কি কাৰণেনো প্ৰশংসা কৰিছে। অন্যথা সেই প্ৰশংসা কেৱল মাত্ৰ কিছুমান ইতিবাচক মন্তব্যৰ বাহিৰে একো নহ’ব। আমি সাধাৰণতে “সুন্দৰ”, “বৰ ভাল কৰিলা”, “বৰ ভাল ছোৱালী”, “বৰ ভাল ল’ৰা” আদি মন্তব্যৰে প্ৰশংসা কৰোঁ। কিন্তু ইয়াৰ দ্বাৰা প্ৰশংসিত ল’ৰাজন বা ছোৱালীজনীয়ে একো ধৰিব নোৱাৰে কি কাৰণে তাইক বা তেওঁক প্ৰশংসা কৰা হৈছে। এনে ধৰণৰ প্ৰশংসাই মনত খেলিমেলিৰহে সৃষ্টি কৰিব – “কি কাৰণে বা ছাৰে মোক ভাল ছোৱালী বুলি ক’লে!’’, “কি বা ভাল কাম কৰিলোঁ!” ইত্যাদি। তৃতীয়তে, প্ৰশংসাৰ এটা লক্ষ্য থাকিব লাগে। প্ৰশংসাৰ জৰিয়তে আমি কোনো ল’ৰা বা ছোৱালীৰ কোনটো দিশ দেখুৱাই দিব বিচাৰিছোঁ সেইটো স্থিৰ কৰি ল’ব লাগে। কাৰণ নিৰ্দিষ্ট দিশটো দেখুৱাই প্ৰশংসা কৰিলেহে সেই ল’ৰাজন বা ছোৱালীজনীয়ে সেই দিশত কাৰ্য কৰিবলৈ উৎসাহিত হ’ব। গতিকে আমি সাধাৰণভাবে “বৰ ভাল কৰিলা” বুলি নকৈ “বৰ ভাল কৰিলা। কামটো কৰোঁতে তুমি ধৈৰ্যসহকাৰে কৰিছা”-ৰ দৰে বাক্য ব্যৱহাৰ কৰিব লাগে। “কামটো ধৈৰ্যসহকাৰে কৰিছা” বুলি কওঁতে তেওঁ বুজি পাব যে ভাল কাম কৰিবলৈ ধৈৰ্যৰ প্ৰয়োজন আৰু সেই ধৈৰ্যশক্তিটো তেওঁৰ আছে। তেনেস্থলত পৰৱৰ্তী কালত যিকোনো কাম ধৈৰ্যসহকাৰে কৰিবলৈ তেওঁ উদ্যত হ’ব। ঠিক সেইদৰে পৰীক্ষাত ভাল ফল দেখুওৱা ছোৱালীজনীক যদি “তোমাৰ ভাল ফলৰ আঁৰত আছে তোমাৰ একাগ্ৰতা, সময়ৰ সদ্ব্যৱহাৰ, আৰু কষ্টসহিষ্ণুতা” বুলি প্ৰশংসা কৰা যায় তেন্তে তাইৰ সবলতাবোৰ চিনাক্ত কৰিব পাৰিব। ফলস্বৰূপে তাই এই (একাগ্ৰতা, সময়ৰ সদ্ব্যৱহাৰৰ কৌশল, কষ্টসহিষ্ণুতা) সবলতাবোৰ যিকোনো কাৰ্যত ব্যৱহাৰ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হ’ব। এইদৰে কাৰোবাৰ কৃতিত্বক প্ৰশংসা কৰি তেওঁলোকৰ কৌশল, কাৰ্য পদ্ধতি, সময়ানুৱৰ্তিতা, অধ্যৱসায় আদিক দেখুৱাই দি কৰা প্ৰশংসাক কোৱা হয় প্ৰক্ৰিয়া-প্ৰশংসা (Process Praise) বা প্ৰয়াস-প্ৰশংসা। অৰ্থাৎ প্ৰক্ৰিয়া-প্ৰশংসাই ব্যক্তিৰ কৃতিত্বৰ আঁৰৰ কাৰকবোৰ যেনে- প্ৰয়াস, কৌশল, ধৈৰ্য আদি চিনাক্ত কৰিবলৈ সহায় কৰে। এনে প্ৰশংসাৰ জৰিয়তে তেওঁ বুজি পাব যে আন্তৰিক প্ৰয়াস, উপযুক্ত কৌশল, ধৈৰ্য, একাগ্ৰতা আদি থাকিলে কাৰ্যক্ষেত্ৰত সফল হ’ব পাৰি।আকৌ, প্ৰশংসাৰ জৰিয়তে ব্যক্তিৰ অন্তৰ্নিহিত গুণসমূহ যেনে- দয়া, কৰুণা, ক্ষমা, সহমৰ্মিতা, প্ৰতিভা আদিও দেখুৱাই দিব পাৰোঁ। এনে প্ৰশংসাক কোৱা হয় চৰিত্ৰ-প্ৰশংসা (Character Praise) বা প্ৰতিভা-প্ৰশংসা। এই প্ৰশংসাৰ দ্বাৰা ব্যক্তিৰ নৈতিক গুণসমূহ গঠন কৰাত সহায় কৰিব পৰা যায়। সেয়ে কাৰোবাক দয়াৰ চকুৰে চাই সহায় কৰা ব্যক্তিজনক “বৰ ভাল কাম কৰিলা”, “বৰ ভাল হ’ল” আদি কৈ প্ৰশংসা কৰাতকৈ “আপুনি মানুহজন দয়ালু বা কৰুণাময়” বুলি প্ৰশংসা কৰিলেহে তেওঁ উপকৃত হ’ব। অৰ্থাৎ পৰৱৰ্তী সময়তো দয়া বা কৰুণা গুণটো প্ৰয়োগ কৰিবলৈ উৎসাহী হ’ব।
প্ৰণিধানযোগ্য কথাটো হ’ল প্ৰক্ৰিয়া-প্ৰশংসাই যদিও কৃতিত্বত সহায় কৰে কিন্তু নৈতিক চৰিত্ৰ গঢ়াত সহায় নকৰে। ঠিক সেইদৰে, চৰিত্ৰ-প্ৰশংসাই ব্যক্তিৰ নৈতিক চৰিত্ৰ গঠনত সহায় কৰিলেও কৃতিত্ব অৰ্জনত সহায় নকৰে। প্ৰক্ৰিয়া প্ৰশংসাত আকৌ কেতিয়াবা নেতিবাচক প্ৰভাব পৰাহে দেখা যায়। কাৰ্ল ডৱেক (Carl Dweck)এ তেখেতৰ Mindset গ্ৰন্থত কৈছে যে স্থায়ী মানসিকতা (Fixed Mindset) ৰ ব্যক্তিসকলে প্ৰয়াস আৰু প্ৰতিভা এটা আনটোৰ বিপৰীত বুলি ভাবে। অৰ্থাৎ তেওঁলোকৰ মতে প্ৰতিভাধৰ ব্যক্তিসকলে কৃতকাৰ্য হ’বলৈ প্ৰয়াস কৰিব নালাগে, তেওঁলোকে প্ৰতিভাৰ বলত যিকোনো ক্ষেত্ৰত অনায়াসে কৃতকাৰ্য হয়। কিন্তু যাৰ প্ৰতিভা বা দক্ষতা নাথেকে তেওঁলোকেহে প্ৰয়াস কৰি থাকিব লগা হয়। তেনেস্থলত স্থায়ী মানসিকতাৰ ব্যক্তি এজনক যদি “আপুনি নেৰানেপেৰাকৈ কামত লাগি থাকিব পাৰে, সেয়ে আপুনি কামটো সুন্দৰকৈ কৰিব পাৰিলে” বুলি প্ৰশংসা কৰা যায় তেন্তে তেওঁ চিধাই বুজি ল’ব তেওঁৰ প্ৰতিভা নাই। ফলত তেওঁ প্ৰতিভাহীন বুলি হতাশাতো ভুগিব পাৰে বা পৰৱৰ্তী সময়ত একেবাৰতে নোৱৰা কাম এটাত দ্বিতীয়বাৰলৈ যত্ন নকৰিবও পাৰে। তথাপিও কাৰ্ল ডৱেকে ব্যক্তিৰ চৰিত্ৰ-প্ৰশংসাৰ সলনি প্ৰক্ৰিয়া-প্ৰশংসাকহে গুৰুত্ব দিছে। কিয়নো তেখেতে গৱেষণাৰ দ্বাৰা দেখিছে যে প্ৰক্ৰিয়া-প্ৰশংসাৰ দ্বাৰা প্ৰশংসিত শিক্ষাৰ্থীৰ ৯০%ই প্ৰত্যাহ্বান থকা কাৰ্যত লিপ্ত হৈ শিকিব বিচাৰে। ফলত নতুন নতুন সমস্যা সমাধান কৰিবলৈ আগ্ৰহী হয়। বিফলতাক তেওঁলোকে বিফল হোৱা বুলি নাভাবি “অধিক প্ৰয়াস কৰিলে সফলতা আহিব” বুলি বুজি লয়। তেওঁলোকৰ মতে কাৰ্য ক্ষেত্ৰত প্ৰয়োজনীয় প্ৰয়াসকণ নকৰিলে বিফল হোৱাতো স্বাভাবিক। ইয়াত বুদ্ধিমত্তাৰ কথা নাহে। কিন্তু চৰিত্ৰ বা প্ৰতিভা-প্ৰশংসিত শিক্ষাৰ্থীসকলে নতুন-নতুন বা অধিক কঠিন সমস্যাৰ মুখামুখি হ’বলৈ ভাল নাপায়। সমস্যা সমাধানত বিফল হ’লে তেওঁলোকে নিজকে অযোগ্য বা বিফল বুলি ভাবে। প্ৰক্ৰিয়া-প্ৰশংসিত শিক্ষাৰ্থীসকলৰ দৰে প্ৰতিভা-প্ৰশংসিত শিক্ষাৰ্থীসকলে কঠিন প্ৰত্যাহ্বানমূলক সমস্যা সমাধান কৰোঁতে উপভোগ কৰিব নোৱাৰে। আকৌ প্ৰতিভা-প্ৰশংসিত শিক্ষাৰ্থীসকলে নিজৰ দক্ষতা প্ৰকাশ কৰিবলৈ মিছা কথাৰো আশ্ৰয় লোৱা দেখা যায়। কাৰ্ল ডৱেকে গৱেষণাত পাইছে যে নিজৰ প্ৰতিভাক প্ৰদৰ্শন কৰিবলৈ গৈ প্ৰতিভা-প্ৰশংসিত চল্লিশ শতাংশ শিক্ষাৰ্থীয়েই মিছা কথা কৈছিল। সেয়ে তেখেতে শিক্ষাৰ্থীসকলক প্ৰতিভাশালী, গুণী, স্মাৰ্ট আদি অভিধাৰে প্ৰশংসা নকৰি তেওঁলোকৰ প্ৰয়াস বা প্ৰক্ৰিয়াকহে প্ৰশংসা কৰিবলৈ কৈছে।
যিহেতু শিক্ষাৰ্থীৰ শৈক্ষিক কৃতিত্ব আৰু নৈতিক চৰিত্ৰ দুয়োটা উত্তৰণ লক্ষ্য কৰি প্ৰশংসা কৰিব লাগে, সেয়ে ড০ লী ৱাটাৰ (Dr. Lea Water) এ সবলতা-ভিত্তিক প্ৰশংসা (Strength-based praise) কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। সবলতা মানে হ’ল যিবোৰ ক্ষেত্ৰত আমি ভাল, যিবোৰত আমি আত্মমগ্ন হৈ লাগি থাকিব পাৰোঁ আৰু যিবোৰ কাৰ্য কৰিলে আমি অধিক মানসিক শক্তি পাওঁ সেইবোৰেই। কিন্তু যদিহে মই ভালকৈ গান গাব পাৰোঁ কিন্তু গান গোৱা কাৰ্যত লাগি থাকিবলৈ ভাল নাপাওঁ, তেন্তে গান গোৱা দক্ষতা বা প্ৰতিভাটো মোৰ সবলতা নহয়। তাৰ পৰিৱৰ্তে, ধৰা হওক মই ছবি আঁকিব পাৰোঁ, ছবি আঁকি আঁকি ঘণ্টাৰ পিছত ঘণ্টা পাৰ কৰিব পাৰোঁ, ছবি আঁকিলে মানসিক আনন্দ পাওঁ তেন্তে ছবি অঁকা দক্ষতাটো হ’ব মোৰ সবলতা । সবলতাৰ ক্ষেত্ৰত আন এটা উল্লেখনীয় দিশ হ’ল, আমি আমাৰ সবলতাবোৰ সঘনে প্ৰদৰ্শন বা প্ৰয়োগ কৰি থাকোঁ। সেই বুলি বাৰে বাৰে চুৰি কৰি ভাল পোৱাটো কাৰোবাৰ সবলতা হ’ব নোৱাৰে। কাৰণ সবলতাই ইতিবাচক কাৰ্যকহে সামৰি লয়।
প্ৰয়াস-প্ৰশংসা আৰু চৰিত্ৰ-প্ৰশংসাৰ সমন্বয়েই হ’ল সবলতা-ভিত্তিক প্ৰশংসা। শ্ৰেণীকোঠাত একাগ্ৰতাৰে পাঠ গ্ৰহণ কৰা ছাত্ৰ বা ছাত্ৰী এগৰাকীক আমি প্ৰশংসা কৰিব পাৰোঁ এনেদৰে – “ তুমি বৰ ভাল ছাত্ৰী/ছাত্ৰ। কিয়নো তুমি শ্ৰেণীত খুউব মনোযোগ আৰু ধৈৰ্যৰে শিক্ষকৰ কথাবোৰ শুনি পাঠৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰা ”।
বি.দ্ৰঃ এই প্ৰবন্ধটি ইতিমধ্যে ‘আমাৰ অসম’ কাকতত প্ৰকাশ পাইছে।
