© দিবাকৰ বৰদলৈ
হাস্পতালত ৰোগীৰ খবৰ ল'বলৈ গৈ
দেখা নাপালোঁ ৰোগী
দেখিলোঁ মোক
প্ৰতিখন বিছনাতে মই
মৰি মৰিও জীবলৈ
ভাগ্যৰ নিদানপত্ৰ সাবতি
শ্মশানলৈ গৈ
চিতাত মৃতকৰ শৱদেহ তুলি দি দেখিলোঁ
সেয়া মৃতক নহয়
সেয়াও মই
চিতাৰ লেলিহান শিখাই মোৰ
অহংকাৰবোৰ দহি নিচে এফালৰ পৰা
ধোঁৱা হৈ উৰি গৈছে সকলো।
কালিৰ দুৰ্ঘটনাত পতিত গাড়ীখনৰ
নিহতসকলৰ মাজত
আৱিষ্কাৰ কৰিলোঁ মোক
মোৰ চকুৰ আগতেই
মোৰ লাওখোলা ভেদি বৈ গৈছিল
কৰুণতাৰ নিচিনা ধাৰ
মোলৈকে চাই ময়েই বুকু ঢকিয়াই
গগণ ফালিছোঁ
মোক হেৰুৱাৰ বেদনাত।
সিদিনা প্ৰাত:ভ্ৰমণ কৰি অকস্মাত্
সন্ধিয়াৰ বেলিটোৰ স'তে
দিগন্তত হেৰাই যোৱা
মানুহজনো ময়েই আছিলোঁ
কলিজা চেপি চেপি
লোটক টুকি থকা
নি:কিন নি:সহায় মানুহবোৰৰ
মাজতো মোক দেখোঁ
মই থাকোঁ
সময় বৰ নিষ্ঠুৰ
হৃদয়হীন ব্যাধ৷
মই নাভাবোঁ
আপুনিও দেখা পাওক আপোনাক
মোৰ স'তে।
মোৰ দৰে ।
Tags:
My Corner
