© দিবাকৰ বৰদলৈ
তেওঁ যাবলৈ
প্ৰস্তুতি চলাই আছে !
যাবগৈ
যাবলৈ সময় হৈছে
আমাক বেয়া পাই নহয়
আমাক ভাও দিবলৈ শিকাই
উভতি যাবলৈ সাজু হৈছে কলাকাৰজন
একুটা দুকুটাকৈ
হাতত সাৰে ভৰিত সাৰে।
বিধিৰ নীতি
অলঙ্ঘ্য
একেলগে আৰু আগবাঢ়িব নোৱাৰোঁ আমি
আমাৰ অগুচৰে
আমাৰ বাবে
পেঞ্চনৰ পইচাকেইটা
হাত টানি সাঁচিছে তেওঁ
কোনোবা এদিন কাষত বহুৱাই
তেওঁ
শুনাব সবাকে ভীষ্ম-পৰ্ব!
সেইদিনাই আমি কান্ধ পাতি ল'ম
আকাশসম এখন ভাৰ
যিখন অতদিনে কঢ়িয়াই ফুৰিছিল তেওঁ ।
যদিও যাবলৈ তেওঁ
প্ৰস্তুতি চলাই আছে
আমি কিন্তু অবাধ্য অথৰ্ব!!
Tags:
My Corner
