© দিবাকৰ বৰদলৈ
মানুহ মাৰিবলৈ তেনেই সহজ ৷
এটি পক্ষী মাৰিবলৈও ইমান সহজ নহয়
যিমান সহজ মানুহ মাৰিবলৈ ৷
এটি শিয়াল মাৰিবলৈ যিমান দৌৰিব লাগে
সিমান নালাগে মানুহ মাৰিবলৈ ৷
মানুহ মৰিলে যিমান দুখ লাগে
সিমান নালাগে মানুহ মাৰিলে ৷
মানুহ মাৰিবলৈ তেনেই সহজ
মাথোঁ এটা অজুহাত লাগে ৷
এটা অজুহাত পালেই
গুচাই পেলাব পাৰি মানৱতাৰ মৰীচিকা
এটা অজুহাত পালেই
নোহোৱা কৰিব পাৰি আইন শৃংখলা ৷
কিমান যে সহজ মানুহ মাৰিবলৈ !
মাথোঁ এটা অজুহাত লাগে -
মানৱৰ পৰা দানৱ হ’বলৈ !
আৰু কবিতা পঢ়ক-
বাৰিষাৰ স্কেচ্
শব্দবোৰক অস্ত্ৰ হ’ব দিব নালাগে
সুখী মানুহবোৰ
Tags:
My Corner
