কাৰ বাবে চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়সমূহ ধ্বংসৰ মুখলৈ গৈছে ?

-দিবাকৰ বৰদলৈ

“You must be the change you wish to see in the world.” – M.K.Gandhi

অসমৰ চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়সমূহ ধ্বংসৰ মুখলৈ গৈছে – ই এশ শতাংশই সঁচা কথা। ইয়াৰ প্ৰমাণ ছাত্ৰ-ছাত্ৰীৰ অভাৱত দিনক দিনে বন্ধ হ’ব ধৰা বিদ্যালয়সমুহ। চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি সমাজৰ আস্থাহীনতা ইয়াৰ প্ৰমাণ।কিন্তু কিয় ? কিয় চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ এনে অৱস্থা হ’বলৈ পাইছে? নানা মুনিৰ নানা মত। কোনোৰ মতে চৰকাৰেই ইয়াৰ বাবে দায়ী। কোনোৰ মতে আকৌ শিক্ষক-শিক্ষয়িত্ৰীবৃন্দহে দায়ী। কোন শুদ্ধ, কোন ভুল সেয়া একে আষাৰতে কোৱাতো সম্ভৱ নহয়। সেয়ে আজি চাব খুজিছোঁ, আচলতে কিহৰ বাবেনো এই বিদ্যালয়বোৰ নিশ্চিহ্ন হ’বলৈ গৈ আছে?

চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ অৱনতিৰ মূল কাৰণ হিচাপে এচামে, বিশেষকৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু সচেতন ব্যক্তিসকলে চৰকাৰকে দোষাৰোপ কৰে। ইয়োৰো বহু কাৰণ আছে। প্ৰথম কথা হ’ল, বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে, আৰু প্ৰতিটো বিষয় পঢ়ুৱাব পৰাকৈ শিক্ষক-শিক্ষয়িত্ৰী নাই। ইয়াৰ প্ৰামাণিক তথ্য কাকতে-পত্ৰই ইতিমধ্যে প্ৰকাশ পাই গৈছে গতিকে পুনৰোক্তিৰ নিষ্প্ৰয়োজন। প্ৰায়বোৰ বিদ্যালয়ৰ আন্তঃগাথনি নিম্নমানৰ। চৰকাৰী বিদ্যালয়সমূহত পাঠদানৰ বাবে উন্নত তথ্য-প্ৰযুক্তিৰ কোনো ব্যৱস্থা নাই। শ্ৰেণীকোঠাৰ বাহিৰলৈ নি শিক্ষক-শিক্ষয়িত্ৰীসকলক বাৰটা মাহত তেৰটা কামত লগোৱাতো চৰকাৰৰ পৰম্পৰা। তাৰোপৰি দুপৰীয়াৰ আহাৰ, আইৰণ ফলিক এচিদ টেবলেট, পেলুৰ দৰৱ খুওৱা আৰু তাৰ হিচাপ ৰখা কাম বোৰ আছেই। ঠিক সেইদৰে শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড আছেনে নাই, বেংক একাউণ্ট আছেনে নাই, আছে যদি কোন বেংকত আছে, নাই যদি কিয় নাই বা বেংক একাউণ্ট খুলাই দিয়াৰ দায়িত্বও বিদ্যালয়ৰে। ফলত দেখা যায় চৰকাৰে বিদ্যালয়ত শিক্ষাদান কাৰ্যটো এক প্ৰকাৰে গৌণ কৰি পেলাইছে যিটো ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰত উলোটা। গতিকে চৰকাৰী খণ্ডৰ বিদ্যালয়বোৰ ধ্বংসত চৰকাৰখনেই যে ভালকৈ জগৰীয়া তাক মানি ল’বই লাগিব।

চৰকাৰৰ মতে শিক্ষক-শিক্ষয়িত্ৰীসকলেই য্ত কূটৰ ঘাই। তেওঁলোকৰ মতে শিক্ষক-শিক্ষিত্ৰীসকল বিদ্যালয়ত নিয়মিয়াকৈ উপস্থিত নাথাকে, ভালকৈ পাঠদান নকৰে, দেৰিকৈ বিদ্যালয়ত উপস্থিত হৈ সময়তকৈ আগতে বিদ্যালয়ৰ পৰা ঘৰলৈ যায়। হয়, বিদ্যালয়ত এনে কিছু শিক্ষক আছে যিসকলে সময়মতে বিদ্যালয়ত উপস্থিত নহয় আৰু শ্ৰেণীত পাঠদান ভালকৈ নকৰে বা সময়তকৈ সোনকালে বিদ্যালয়ৰ পৰা ঘৰলৈ যায়। এনে শিক্ষক-শিক্ষয়িত্ৰী বা প্ৰধান শিক্ষকো আছে যি বিদ্যালয়ত থাকি আনবৰতে ঘৰৰ কথা, নিজৰ ল’ৰা-ছোৱালীৰ কথাকে ভাবি থাকে। কোনো কোনো প্ৰধান শিক্ষকে আকৌ বিদ্যালয়খন খুলি সহকাৰী শিক্ষক-শিক্ষয়িত্ৰীৰ হাতত দায়িত্ব গটাই থৈ দিনটো ঘৰত বা ঘৰৰ বাহিৰত নিজৰ কাম সমাধা কৰি বিদ্যালয় ছুটীৰ পৰত পুনৰ বিদ্যালয়ত উপস্থিত হয়হি। গতিকে, চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়সমূহৰ অৱনতিৰ এটা মূল কাৰণ শিক্ষক-সমাজো বুলি কোৱাৰ যথেষ্ট থল আছে। কিন্তু সেইবুলি চৰকাৰে ভবাৰ দৰে বিদ্যালয়বোৰ ধ্বংসৰ গৰাহলৈ যোৱাৰ একমাত্ৰ কৰণো নহয়। কিয়নো নিজেও এজন শিক্ষক হিচাপে দেখিছোঁ বিদ্যালয়বোৰত এনে অনিয়ম অতি নগণ্য। ক’ৰবাত দুই এক শিক্ষক বা শিক্ষয়িত্ৰী থকাটো স্বাভাৱিক। কেৱল দহবছৰীয় চাকৰি জীৱনত চাৰিখনকৈ বিদ্যালয়ত সেৱা আগবঢ়ুৱাৰ সুযোগ পাইছোঁ। মই প্ৰতিখন বিদ্যালয়তে দেখিছোঁ দুই-এগৰাকীক বাদ দি আন আন শিক্ষকসকলে বৰ আন্তৰিকতাৰে পাঠদান কৰে। সেই অভিজ্ঞতাৰ পৰা কওঁ, দুই-এজন শিক্ষক বা শিক্ষয়িত্ৰীৰ অনিয়মে বিদ্যালয় এখন ধ্বংস কৰিবলৈ নোৱাৰে।

মোৰ দৃষ্টিত চৰকাৰীখণ্ডৰ বিদ্যালয়বোৰ ধ্বংসৰ আঁৰত কম-বেছি পৰিমানে বা পৰোক্ষভাবে আমাৰ অভিভাৱকসকলো দায়ী। তেওঁলোকে তেওঁলোকৰ ল’ৰা-ছোৱালীক চৰকাৰী বিদ্যালয়ত নামভৰ্ত্তী কৰালে বুলিয়েই পালনীয় একো নাই বুলিয়েই ভাবি লয়। কোনো দিনে তেওঁলোকে শিক্ষক বা শিক্ষয়িত্ৰীসকলে কেনেদৰেনো পাঠদান কৰিছে তাৰ খবৰ নলয়। বা তেওঁৰ ল’ৰাটো বা ছোৱালীজনীয়ে পঢ়িব পাৰিছেনে নাই তাৰো খবৰ নাৰাখে। আনকি তেওঁলোকে তেওঁলোকৰ ল’ৰাটো বা ছোৱালীজনীৰ শিক্ষা গ্ৰহণৰ ন্যূনতম প্ৰয়োজনীয় খিনি যোগাৰ কৰি দিয়াতো অমনোযোগী।কিন্তু সেই একেবোৰ অভিভাৱকে যদি তেওঁলোকৰ ল’ৰা-ছোৱালীক ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত পঢ়ুৱাই তেন্তে তেওঁলোকে কোনো কৃপণালী নকৰাকৈ পুৱাৰ পৰা ৰাতিলৈকে ল’ৰা-ছোৱালীৰ লগতেই লাগি থকা দেখিবলৈ পোৱা যায়। শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতো সু-সম্পৰ্ক বজাই ৰাখে তেওঁলোকে। কাগজ-কলম কিনিবলৈও অপাৰগ তেওঁলোকে(অভিভাৱকসকলে) তেওঁলোকৰ ল’ৰা-ছোৱালীক ধুনীয়া-ধুনীয় দুই-তিনিযোৰ ইউনিফৰ্ম চিলাই দিয়ে, ধুনীয় টিফিন বক্স কিনি দিয়ে, স্কুল বাছ নাথাকিলে নিজাববীয়াকৈ গাড়ীৰ ব্যৱস্থা কৰি বিদ্যালয়লৈ অনা-নিয়া ব্যৱস্থা কৰে ইত্যাদি ইত্যাদি। যি সকল পিতৃ-মাতৃয়ে আগতে চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত শিক্ষক-অভিভাৱকৰ সভাত কেতিয়াও উপস্থিত হৈ নাপাইছিল, সেইসকলেই ব্যক্তিগতখণ্ডৰ বিদ্যালয়লৈ সাজি-কাচি যোৱা চাক্ষুষ অভিজ্ঞতা আমাৰ আছে। অভিভাৱকৰ এনে আচহুৱা আচৰণৰ আঁৰতো বহু কাৰণ আছে।

আমাৰ বিদ্যালয়বোৰ ৰাইজেই পতা। বহু কষ্ট কৰি গাঁঠিৰ ধন ভাঙি পাতিছিল এই স্কুলবোৰ। বহু প্ৰত্যাহ্বানৰ মাজেৰে বিদ্যালয়বোৰে পূৰ্ণাংগ ৰূপ পাইছিল। কিন্তু পৰিতাপৰ কথা সেই ৰাইজেই বিদ্যালয়বোৰক এৰা দিছে। বিদ্যালয়খননো কেনেদৰে চলিচে, শিক্ষক-শিক্ষয়িত্ৰীসকলেনো সময়মতে বিদ্যালয়লৈ আহিছেনে নাই, সময়মতে শ্ৰেণীত পাঠদান কৰিছেনে নাই তাক চাবলৈ বা বিচাৰ কৰিবলৈ সমাজখনৰ অকণো আহৰি নাই। সমাজে পতা অনুষ্ঠান হিচাপে বিদ্যালয়খনৰ ওপৰত ৰাইজৰ এটা ইতিবাচক নিয়ন্ত্ৰণ থকা উচিত আছিল। কিন্তু নাই। কাৰণ, সমাজৰ ভাল-ভাল ঘৰৰ পৰিয়ালৰ ল’ৰা-ছোৱালীবোৰ পঢ়ে ভাল-ভাল ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত। গতিকে চৰকাৰীখণ্ডৰ বিদ্যালয়খনৰ খবৰ ৰাখি কি লাভ। ঠিক একেদৰে দেখা যায়, শিক্ষক-শিক্ষয়িত্ৰী সকলেও সমাজখনক বিদ্যালয়ৰে জড়িত কৰাবলৈ বিশেষ চেষ্টা নকৰে। এনে নিষ্ক্ৰিয়তাই সমাজ আৰু বিদ্যালয়ক আৱেগিকভাবে বিচ্ছিন্ন কৰি পেলাইছে। বিদ্যালয়ৰ পৰা সমাজখন আৱেগিকভাবে বিচ্ছিন্ন হোৱাৰ লগে লগেই চৰকাৰীখণ্ডৰ বিদ্যালয়বোৰলৈ ভাঙোন নামি আহিছে যেন অনুমান হয়।

সাম্প্ৰতিক সময়ৰ সকলো ঘটনা-পৰিঘটনাকে বজাৰ অৰ্থনীতিয়ে নিয়ন্ত্ৰণ কৰি আছে। সকলো ক্ষেত্ৰতে মানুহে মন পচন্দৰ উত্তম বিকল্পটোহে বিচাৰে। ফলত সৃষ্টি হৈছে তুমুল প্ৰতিযোগিতাৰ – কোনে কিমান উন্নত মানৰ সামগ্ৰী বা সেৱা উপভুক্তালৈ আগবঢ়াই দিব পাৰে। এই প্ৰতিযোগিতাৰ দৌৰত যি টিকি থাকিব পাৰিছে সিয়ে নিজৰ অস্তিত্ব বজায় ৰাখিব পাৰিছে। অন্যথা কালৰ গতিত হেৰাই গৈছে বা হেৰাই যোৱাৰ উপক্ৰম হৈছে। ব্যক্তিগত বিদ্যালয়সমূ্হৰ স’তে চৰকাৰিখণ্ডৰ বিদ্যালয়সমূহে এই প্ৰতিযোগিতাত ফেৰ মাৰিব পৰা নাই কাৰণ সাম্প্ৰতিক সময়ৰ দাবীৰ প্ৰতি চকু ৰাখি চৰকাৰীখণ্ডৰ বিদ্যালয়সমূহত যেনেকুৱা আন্তঃগাথনি, পাঠ্যক্ৰম, উন্নত তথ্য-প্ৰযুক্তিৰ ব্যৱস্থা, বা উদ্যমী আৰু কৌশলী শিক্ষক-শিক্ষয়িত্ৰীৰ ব্যৱস্থা থাকিব লাগিছিল সেইবোৰ নগন্য। আকৌ, বজাৰ অৰ্থনীতিয়ে কৌশলী, দক্ষ আৰু উদ্যমী মানৱ সম্পদ বিচাৰে। যিবোৰ শিক্ষা প্ৰতিষ্ঠানে বজাৰৰ চাহিদা পূৰণ কৰিব পৰা্কৈ মানৱ সম্পদ সৃষ্টি কৰিব পাৰিছে তালৈকে শিক্ষাৰ্থীৰ সোঁত বৈছে। বাস্তৱিকতে, কোনো ফালৰে পৰা বজাৰ অৰ্থনীতিৰ চাহিদা পূৰাব নোৱৰাৰ কাৰণেই প্ৰাদেশিকৃত বিদ্যালয়ৰ প্ৰতি সমাজৰ আস্থা নোহোৱা হৈছে।

এই বিশ্লেষণৰ পৰা আমি ক’ব পাৰোঁ, চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ নিম্নমুখী গতিৰ কাৰণ এটা বা দুটা নহয়। ইয়াৰ কাৰণ বহুতো। অতি সাধাৰণ কথাত কওঁ – চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহক আমি সকলোৱে মিলি ধ্বংসৰ গৰাহলৈ থেলি দিছোঁ। গতিকে এই বিদ্যালয়সমূহক পুনৰোজ্জীৱিত কৰি তুলিবলৈও সকলোৱে সমানে হাত উজান দিব লাগিব। এৰিব লাগিব এটা পক্ষই আনটোলৈ বোকা চতিওৱা কাৰ্য। অন্যথা এই মুমূৰ্ষু চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত প্ৰাণ দিয়াতো অতি কঠিন হ’ব।



বি.দ্ৰঃ এই প্ৰবন্ধটো ইতিমধ্যে অসমীয়া দৈনিক বাতৰিকাকত “আমাৰ অসমত” প্ৰকাশ পাইছে ।



আৰু পঢ়ক -
বিদ্যালয় এখন সুন্দৰকৈ গঢ়ি তোলাত প্ৰধান শিক্ষকৰ ভূমিকা
ইতিবাচক মনৰ গৰাকী হওক
ৰবি শৰ্মা অকলশৰীয় হৈছে নেকি ?

Post a Comment

Previous Post Next Post