-দিবাকৰ বৰদলৈ
কেৱল ৰবি শৰ্মাই কিয়, অসমীয়া কলা-সংস্কৃতিৰ বিকাশৰ হকে কাম কৰা কোনো ব্যক্তিয়েই অকলশৰীয়া নহয়। প্ৰতিযোগিতাৰ দৌৰৰ বাবে কেতিয়াবা কথা আৰু কামৰ হেৰ-ফেৰ হ’ব পাৰে, সেইবোৰ স্বাভাৱিকভাবে গ্ৰহণ কৰি আগবঢ়াতোহে শ্ৰেয়। অসমীয়া বোলছবিৰ ক্ষেত্ৰখন তেনেই সৰু। গতিকে প্ৰতিযোগিতা এৰাই চলি সকলোৱে সহযোগিতাৰে কাম কৰিলে কাৰো লোকাচান নহ’ব নিশ্চয়। ৰবি শৰ্মাই কোৱাৰ দৰে চৰকাৰেও সুস্থ বোলছবি নীতি এখন প্ৰস্তুত কৰি কাৰ্যকৰী কৰিলে এনেকুৱা সমস্যাবোৰ উদ্ভৱ নহ’ব।
মূল কথালৈ যোৱাৰ আগতে ক’ব খুজিছোঁ, এই লেখাটো লিখি থকাৰ মাজতে অৰ্থাৎ ২ মাৰ্চ তাৰিখে “ব্লেক এণ্ড হুৱাইট”(Black N White) উপভোগ কৰি আহিলোঁ। বুকু ডাঠি ক’ব পাৰোঁ, তুলনামূলকভাবে, আজিলৈকে যিমানবোৰ অসমীয়া চিনেমা চোৱাৰ সৌভাগ্য হৈছে সেই সকলোবোৰৰ ভিতৰত ব্লেক এণ্ড হুৱাইটৰ কেমেৰা আৰু শব্দৰ কাম সকলোতকৈ উন্নতমানৰ। ঠিক সেইদৰে অভিনেতা-অভিনেত্ৰীসকলৰ অভিনয়, কাহিনীৰ গতিশীলতা, চাচপেন্স, ইমান সুন্দৰ যে অকণো আমনি নলগাকৈ চিনেমাখন উপভোগ কৰিলোঁ। কেৱল দৰ্শকহে অলপ তাকৰ । সেইবুলি হতাশজনকভাবে তাকৰ নহয় ! ৰেটিং মোৰ ফালৰ পৰা দহৰ ভিতৰত ন দিব বিচাৰোঁ।
এতিয়া আহোঁ আচল প্ৰসংলৈ। ফেব্ৰুৱাৰী ২৪ তাৰিখে বিশিষ্ট অভিনেতা ৰবি শৰ্মা অভিনিত ‘ব্লেক এণ্ড হুৱাইট’ মুক্তি পায়। কিন্তু ছবিখনে দৰ্শকক ছবি ঘৰলৈ ‘নিব পৰা নাই বুলি’ ইতিমধ্যে জানিব পৰা গৈছে। পিছে কথাটো তেনেকুৱা নহয়। বোলছবিখন ভাল হোৱা নাই নে ছবিখন চাবলৈ দৰ্শকৰ সময়ৰ অভাৱ সেইটোহে বিচাৰ্যৰ বিষয়। তথাপিও ইয়াৰ আগতে মুক্তিপ্ৰাপ্ত অসমীয়া বোলছবি ‘অনুৰ’ আৰু ‘ডক্তৰ বেজবৰুৱা ২’ (Doctor Bezbaruah 2)-এ দৰ্শকৰ পৰা অত্যন্ত ভাল সঁহাৰি পোৱাৰ পিছত বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে। বিশেষকৈ ৰাজনৈতিক মছলা ভালপোৱাসকলে বিষয়টোত ৰাজনৈতিক কলপ সানিবলৈ চেষ্টা কৰা দেখা গৈছে। নিজৰ মত আৰু আদৰ্শত অটল অভিনেতাজনে চৰকাৰৰ পক্ষত থাকি কথা নোকোৱাৰ বাবেই চৰকাৰৰ সমৰ্থকসকলে ব্লেক এণ্ড হুৱাইট উপভোগ কৰিবলৈ যোৱা নাই বুলি ক’ব বিচাৰে তেওঁলোকে। আকৌ হিন্দী বোলছবি ‘পাঠান’(Pathaan) বিতৰ্কৰ সময়ত কৰা দুই এটা মন্তব্যৰ বাবেও অসমীয়া বোলছবি জগতৰ কলা-কুশলী সকলে ৰবি শৰ্মাৰ সদ্য মুক্তিপ্ৰাপ্ত কথাছবিখন চাবলৈ অহা নাই বুলি একাংশই ক’ব খোজে। আন এচামে আকৌ মত প্ৰকাশ কৰিছে যে চিনেমাখনৰ প্ৰচাৰ আশাপ্ৰদ নোহোৱাৰ কাৰণেই দৰ্শক চিনেমাখনৰ সম্পৰ্কে জ্ঞাত নহয় আৰু সেয়ে চিনেমা হললৈ যোৱা নাই।
প্ৰচাৰৰ প্ৰসংগতে অভিনেতাজনে দুখ প্ৰকাশ কৰি কৈছে যে তেখেতে যেনে ধৰণে ডক্তৰ বেজবৰুৱা ২ চাবলৈ দৰ্শকক অনুৰোধ জনাইছিল, ব্লেক এণ্ড হুৱাইটৰ বেলিকা আন আন অভিনেতা-অভিনেত্ৰী সকলে প্ৰচাৰ কৰা নাই আৰু সেয়ে তেখেতে বৈদ্যুতীন মাধ্যমৰ আগত মত প্ৰকাশ কৰি ‘অকলশৰীয়া অনুভৱ’ হোৱা বুলি ব্যক্ত কৰে। বিশিষ্ট অভিনেতাজনে ছবিগৃ্হলৈ ব্লেক এণ্ড হুৱাইট উপভোগ কৰিবলৈ নোযোৱাৰ ৰাজনৈতিক দিশটো মানি ল’ব খোজা নাই যদিও মাত্ৰ এসপ্তাহতে চিনেমাখন ছবিগৃহৰ পৰা আঁতৰোৱাৰ সিদ্ধান্তৰ সময়ত কোনোবাখিনিত “অদৃশ্য চাপ” যে আছে সেই কথা তেখেতে স্বীকাৰ কৰে।
ৰবি শৰ্মা অভিনীত ব্লেক এণ্ড হুৱাইট চাবলৈ নোযোৱাৰ উপৰ্যুক্ত কাৰণবোৰৰ হয়তো সত্যাসত্য থাকিব । তেখেতে অকলশৰীয় অনুভৱ কৰাটোও অস্বাভাৱিক কথা নহয়। কাৰণ যি সময়ত “দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম” বুলি শ্ল’গান দি অসমীয়া চিনেমা চোৱাৰ আন্দোলন গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে সেই সময়তে ব্লেক এণ্ড হুৱাইটৰ প্ৰতি দেখুওৱা নিষ্ক্ৰিয়তাই কিহৰ ইংগিত দিয়ে ! এটা কথা স্পষ্ট, যদিহে কোনো ৰাজনৈতিক বিষয়ত সাঙুৰি ব্লেক এণ্ড হুৱাইট নাচাওঁ বুলি প্ৰতিজ্ঞা কৰিছে বা প্ৰতিশোধ লোৱাৰ কথা ভাবিছে বা চিনেমাখন চাম বুলি ভবাসকলকো বাধা আৰোপ কৰিছে, তেন্তে তেনে ব্যক্তি (ব্যক্তিৰ গোট) ধিক্কাৰ পোৱাৰ যোগ্য। তেনে ঠেক মনৰ ব্যক্তিৰ পৰা অসমৰ একো উপকাৰ আশা কৰিব নোৱাৰি।
এইখিনিতে চিনেমাখন চাবলৈ নোযোৱাৰ অন্য সাম্ভাব্য কাৰণ দুটামানহে কোৱাৰ প্ৰাসংগিকতা অনুভৱ কৰিছোঁ।
এতিয়া পৰীক্ষাৰ সময়। কাৰোবাৰ বছেৰেকীয়া পৰীক্ষা, কাৰোবাৰ আকৌ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰু আন কাৰোবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা । মুঠতে ছাত্ৰ-ছাত্ৰীবোৰ নিজক লৈয়ে ব্যস্ত। চিনেমা চোৱাৰ কথাই নাহে। ঠিক সেই দৰে পিতৃ-মাতৃবোৰো পৰীক্ষাত বহিবলগীয়া নিজৰ নিজৰ ল’ৰা-ছোৱালীক লৈয়ে ব্যস্ত। চিনেমা হললৈ যাবলৈ সময় ক’ত ! আজিকালি পৰীক্ষা বুলি ক’লে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মূৰ দাঙিবলৈকে সময় নহয়। পৰীক্ষাগৃহত নিৰীক্ষকৰ কৰ্তব্য পালন, পৰীক্ষাৰ বহী মূল্যায়ন, ফলাফল প্ৰস্তুতকৰণ, ইত্যাদি অন্ত নোহোৱা কাম। গতিকে কোন স’তে শিক্ষক-শিক্ষয়িত্ৰীসকল চিনেমা চাবলৈ যাব !
এটা সময় আছিল, সকলোৱে চিনেমা চাইছিল। ৰিক্সাৱালা, ঠেলাৱালা সকলোৱে । কিন্তু এতিয়া নোৱাৰে চাবলৈ। কিয়নো বহুতৰ বাবে টিকটৰ মূল্য এতিয়া ক্ৰয় ক্ষমতাৰ বাহিৰত। সেয়ে আজিকালি যিসকলে চিনেমা চাই সেইসকলৰে ভিতৰত মূলতঃ থাকে, কণ-কণ ল’ৰা-ছোৱালীৰ স’তে তেওঁলোকৰ পিতৃ-মাতৃ – যিসকলৰ এজনে বা দুয়োজনেই চাকৰি কৰে, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকল ইত্যাদি। অৰ্থাৎ বৰ্তমান সময়ত এইসকল লোক চিনেমা চাবলৈ ইচ্ছা থাকিলেও যাব নোৱাৰে। ব্যৱসায়-বাণিজ্যৰে জৰিত লোক খুউব কমেইহে ছবি ঘৰলৈ আহে। অনাঅসমীয়া, মানে যিসকলৰ মাতৃভাষা অসমীয় নহয় তেওঁলোকেটো অসমীয়া চিনেমা নাচায়েই। গতিকে ছবি ঘৰত দৰ্শক সেৰেঙা হোৱাতো তেনেই স্বাভাৱিক কথা। এইখিনি কথা যিহেতু বিশিষ্ট অভিনেতাজনে মানি লৈছে, কথাখিনি মই সেইসকল ব্যক্তিৰ উদ্দেশ্যেহে লিখিছোঁ, যিসকলে সকলোতে ‘ৰাজনীতিৰ ৰং’ বিচাৰি ‘ৰেটিং পইণ্ট’ গোটোৱাত ব্যস্ত থাকে।
শেষত কওঁ, কেৱল ৰবি শৰ্মাই কিয়, অসমীয়া কলা-সংস্কৃতিৰ বিকাশৰ হকে কাম কৰা কোনো ব্যক্তিয়েই অকলশৰীয়া নহয়। প্ৰতিযোগিতাৰ দৌৰৰ বাবে কেতিয়াবা কথা আৰু কামৰ হেৰ-ফেৰ হ’ব পাৰে, সেইবোৰ স্বাভাৱিকভাবে গ্ৰহণ কৰি আগবঢ়াতোহে শ্ৰেয়। অসমীয়া বোলছবিৰ ক্ষেত্ৰখন তেনেই সৰু। গতিকে প্ৰতিযোগিতা এৰাই চলি সকলোৱে সহযোগিতাৰে কাম কৰিলে কাৰো লোকাচান নহ’ব নিশ্চয়। ৰবি শৰ্মাই কোৱাৰ দৰে চৰকাৰেও সুস্থ বোলছবি নীতি এখন প্ৰস্তুত কৰি কাৰ্যকৰী কৰিলে এনেকুৱা সমস্যাবোৰ উদ্ভৱ নহ’ব।
আৰু পঢ়ক -
বিদ্যালয় এখন সুন্দৰকৈ গঢ়ি তোলাত প্ৰধান শিক্ষকৰ ভূমিকা
ইতিবাচক মনৰ গৰাকী হওক
