© দিবাকৰ বৰদলৈ
বেমাৰ অন্ধ
বেমাৰ বধিৰ
বেমাৰ মূক ৷
হৃদয় নাথাকে বেমাৰৰ ৷
সেয়ে প্ৰায় সকলো মানুহেই
বেমাৰৰ চিকাৰ হয় ৷
আপুনি নিজকে
কিমান বৰ মানুহ বুলি ভাবে
কিমান অহংকাৰেৰে পূৰ্ণ আপোনাৰ
মৃন্ময় পাত্ৰ ?
বেমাৰৰ ওচৰত সকলো জড় ৷
বেমাৰৰ বিক্ৰম কল্পনাতীত
তীব্ৰ গতিক ই ৰোধ কৰিব পাৰে টিলিকতে
আকাশমুখী দৃষ্টিক ই নমাই আনিব পাৰে
মাটিলৈ
চুৰমাৰ কৰি দিব পাৰে সুখৰ পুৰাতন ঘৰ ৷
ভয় নাখাব পিছে
বেমাৰ বেমাৰ বুলি ৷
ডাক্তৰ আছে
হাস্পতাল আছে
চিকিৎসা কৰাব
ভাল হ’ব
ভাল নহ’লেও নহ’ব চিন্তিত ৷
স্কুল-কলেজত নিশিকা বহু কথা
শিক্ষাগুৰুৱে নিশিকোৱা বহু কথা
বেমাৰে শিকায় ৷ শিকাব ৷
ভয় নাখাব
বেমাৰত পৰিলেহে
চিনিব পাৰি
চিনাকি মানুহৰ মুখ ৷
Tags:
My Corner
