© দিবাকৰ বৰদলৈ
বতাহী চৰাইৰ কোলাত উঠি আজি
জুমি চালোঁ আকাশৰ বিশালতা
তাইৰ প্ৰসাৰিত ডেউকাৰে
প্ৰণাম জনালোঁ
ৰাইট ভাতৃদ্বয়ক ৷
জীয়া সপোন এটা আজি
পূৰণ হ’ল
বতাহী চৰাইৰ বুকুত মূৰ গুঁজি
কপাহী মেঘৰ সমুদ্ৰত সোমাই গলোঁ আজি
কুৰুকি কুৰুকি ৷
বতাহী চৰাইৰ কোলাত উঠি আজি
জুমি চালোঁ আকাশৰ বিশালতা
আৰু আমাৰ ক্ষুদ্ৰতা !
Tags:
My Corner
