© দিবাকৰ বৰদলৈ
অকণমান ৰ’দ বিচাৰি
চোতালত বহোঁ
অকণমান ছাঁ বিচাৰি
বহোঁ গছৰ তলত ৷
অকণমান মৰম বিচাৰি
আই-পিতাইৰ কাষত বহোঁ
তাইৰ হাতত সঁপি দিওঁ মোৰ শ্ৰান্ত শৰীৰ ৷
গা-মন শাঁত পৰাকৈ
অকণমান বতাহ বিচাৰি
যাওঁ গাঁৱৰ মোৰলৈ
যাওঁ নৈৰ পাৰলৈ ৷
কেতিয়াবা পাহাৰ বিচাৰি যাওঁ
কেতিয়াবা নদী
কেতিয়াবা সাগৰ ৷
একঘেয়ামীৰ কুণ্ডলীত কিমান থাকিম !
অকণমান বিশ্বাস
অকণমান বন্ধুত্ব
অকণমান সময় উশাহ নিশাহৰ
দুখৰ বেলাত অকণমান সঁহাৰি
আৰুনো লাগে কি ?
(জীয়াই থাকিবলৈতো সেয়ে বহুত !)
আৰু কবিতা পঢ়কঃ
ধেমাজিৰ আৰ্তনাদ
মৌনতাই কথা ক’লে
মানুহবোৰ এদিন গাওঁমুৱা হ’ব
Tags:
My Corner
