দোমোজা : এক মিনিটৰ গল্প

© দিবাকৰ বৰদলৈ

মুনমীৰ আকৌ ল’ৰা এটা হৈছে। এইটো তাইৰ দ্বিতীয় সন্তান। ফেইচবুকত আপডেইট দিছে। ৱাটছএপৰো ষ্টেটাচ কৰিছে। কেইদিনমান আগতে তাই পৰীলৈ ফোন কৰি কৈছিলহে-“আমি দ্বিতীয়বাৰৰ কাৰণে ট্ৰাই কৰিছোঁ। তহঁতেও কৰিবি ... ..।” বিপ্লৱৰ বিয়া পতা এবছৰো হোৱা নাই, সিও বোলে দুদিনমানৰ পিছতে দেউতাক হ’ব। মেছেইজ দিছিল সি। সিদিনা বজাৰত পৰী আৰু ভাস্কৰে প্ৰকাশক লগ পাইছিল। প্ৰকাশৰ কোলাত সিহঁতৰ ডেৰ বছৰীয়া পখিলীক পুতলাৰ দৰে লাগিছিল। ৰীতাশ্ৰীৰো কণ্যা সন্তান এটি হৈছে। প্ৰকাশেই খবৰটো দিছিল।

কথাবোৰ ভাবি ভাবি ভাস্কৰৰ মুখেদি স্বতঃস্ফুটভাবে ওলাই আহিল – ‘এই ভাস্কৰহে নিঃসন্তান’। শেঁতা হাঁহি এটা আপোনা-আপুনি দুওঁঠেৰে বাগৰি আহিল তাৰ।

পৰী আৰু ভাস্কৰে যুগ্মজীৱনৰ পাতনি মেলা আজি প্ৰায় পাঁচ বছৰ গৰকিলে। নিঃসন্তান। তাকে লৈ অৱশ্যে সিহঁতে বৰকৈ ভাবি নাথাকে। কিন্তু অলপ আগতে জলী বাইদেউৱে কৰা ফোনটোৱে ভাস্কৰৰ মনটো ভাৰাক্ৰান্ত কৰি পেলালে। পৰী কলেজৰ পৰা আহি নোপোৱা দেখি ভাস্কৰে বাতৰি কাকতখনকে চকু ফুৰাবলৈ হাতত লৈছিল। তেনেতে জলী বাইদেউৰ ফোন কল অহাত সি বাতৰি কাকতখন এৰি কথা পতাত লাগিল। বিভিন্ন কথাৰ মাজতে জলী বাইদেউৱে সুধিছিল –
- ‘ভাস্কৰ কিবা ভাল খবৰ আছে নেকি?’
- ‘নাই বাইদেউ’ বুলি ভাস্কৰে ব্যস্ততাৰ অজুহাত দেখুৱাই ‘দেৰি হ’ব’ বুলি ৰগৰ কৰিছিল।
- ‘তাৰ মাজতে কৰিব লাগিব’ বুলি জলী বাইদেউৱেও হাঁহিছিল।

ভাল খবৰ বিচাৰি কেৱল জলী বাইদেউৱেহে আজি ফোন কৰিছে এনে নহয়, ভাস্কৰ আৰু পৰীৰ মাক-দেউতাকৰ পৰা আদি কৰি মিতিৰ-কুটুম্ব, বন্ধু-বান্ধৱী সকলোৱে ফোন কৰে। সকলোকে এটা ভাল খবৰ লাগে। মুনমীয়ে প্ৰায়ে ফোন কৰি পৰীক সোধে – “তহঁতে ট্ৰাই কৰিছনে নাই? বুঢ়া হ’লে কৰিবি নেকি? কিমান সময়ৰ কামনো?” বুলি তাই দুষ্টালি হাঁহি মাৰি খঙো কৰে পৰীক। মুনমী পৰীৰ ভাল বান্ধৱী। যিকোনো সময়তে তাইৰ জিভা পিছলে।

সন্তানৰ কথা ওলালে কেতিয়াবা ভাস্কৰে পৰীক হঁহোঁৱাৰ নিমিত্তে কয় – “এইবাৰ বিহুত ঘৰলৈ গ’লে কোনোবাই ভাল খবৰ আছেনে বুলি যদি সোধে, ক’বা, ভাল খবৰ কেতিয়াবাই হ’ল। ৰাস্তা দূৰ হোৱা বাবে ডিব্ৰুগড়তে থৈ আহিছোঁ। ডাঙৰ হ’লেহে লৈ আনিম।” দুয়ো প্ৰাণ খুলি হাঁহে। কেতিয়াবা আকৌ গম্ভীৰভাবে পৰীক কয়- “আৰু দুবছৰমানৰ পাছতে আমি গাঁৱলৈ গ’লে মানুহে ক’ব – এই বঁজা-বাঁজীহাল আহিছে... . .. কাৰোবাৰ আকৌ আমাক দেখি যাত্ৰাই ভংগ হ’ব।” পৰীৰ চকুযুৰী সেমেকি উঠে।

এদিন পৰীয়ে ভাস্কৰক সুধিছিল – “এইবাৰ ঘৰলৈ গ’লে কি বুলি ক’ম?”
- কি ?
- ভাল খবৰ আছে নেকি সুধিলে ?
- ক’বা, ভাস্কৰৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই! তেতিয়া আৰু কোনেও কোনো দিনে ভাল খবৰ বিচাৰি আমনি নকৰে।

ভাস্কৰে কথাবোৰ ধেমালি সুৰতে কৈছিল যদিও অন্তৰত এটা প্ৰচণ্ড দুখে কঁপনি তুলিছিল। কাৰণ ডাক্তৰৰ পৰীক্ষাত দুয়োৰে কোনো সমস্যাই নাই। সি বুজে, সন্তানহীনতাৰ বাবে আটাইতকৈ বেচি মানসিক কষ্টত ভোগে নাৰী এগৰাকীয়ে। সমাজৰ এচাম মানুহেও স্বামীতকৈ স্ত্ৰী গৰাকীকহে সন্দেহৰ দৃষ্টিৰে চায়। এনেতে পুনৰ মোবাইল ফোনটো বাজি উঠিল। তৰুণৰ ফোন কল। ৰিচিভ কৰি সি কিবা কোৱাৰ আগতে সিফালৰ পৰা প্ৰচণ্ড অসন্তুষজনক কণ্ঠস্বৰ – ‘খবৰ বেয়া। ছোৱালীহে .. ..।’

প্ৰথম ছোৱালীজনীৰ জন্মৰ পাছতে ল’ৰা সন্তান এটাৰ কথা ভাবিছিল তৰুণে। কিন্তু ছোৱালীহে হ’ল! গতিকে তাৰ খবৰ বেয়া। ভাস্কৰ এতিয়া নিৰুপায়। সি বিচাৰি পোৱা নাই ভাল খবৰ আৰু বেয়া খবৰৰ সীমাৰেখাডাল।।


মই লিখা গ্ৰন্থখনৰ সম্পৰ্কেঃ
আত্মসচেতনতা, আশাবাদ আৰু জীৱনত সুখী হোৱাৰ কৱচ

Post a Comment

Previous Post Next Post