©দিবাকৰ বৰদলৈ
-‘‘শুনা, পূৰা দুহেজাৰ টকাৰ কিতাপ কিতাপ কিনি আনিছোঁ গ্ৰন্থমেলাৰ পৰা । এয়া চোৱা – মৃদুল হালৈৰ ‘অকলে আছোঁ, কুশলে আছোঁ’, সমীৰ তাঁতীৰ ‘কায়াকল্পৰ বেলা’, অনুৰাধা শৰ্মাপূজাৰীৰ ‘সোণহৰিণৰ চেঁকুৰ’, শৰ্মিষ্ঠা প্ৰীতমৰ ‘অন্তহীন’ আৰু ... .. .. .. .।” বিদুলে গ্ৰন্থমেলাৰ পৰা অনা কিতাপৰ টোপোলাটো পত্নী ৰশ্মিৰ আগত দাঙি ধৰি কি কি কিতাপ কিনিলে এনেকৈ বৰ্ণনা কৰিবলৈ ধৰিলে যে সি কোনোবা নামী-দামী মিঠাইৰ দোকানৰ পৰা বিবিধ ৰকমৰ মিঠাইহে আনিছে।
সাধাৰণতে ৰশ্মি আৰু বিদুল দুয়ো একেলগে গ্ৰন্থমেলাবোৰলৈ যায় আৰু কিতাপ কিনে । কিন্তু সেইকেইদিন ৰশ্মিৰ শাৰীৰিক অসুস্থতাৰ কাৰণে বিদুল অকলেই গ্ৰন্থমেলালৈ যাব লগা হ’ল।
পেছাত বিদুল এজন অভিযন্তা হ’লেও অসমীয়া সাহিত্যৰ প্ৰতি তাৰ বিশেষ এটা আকৰ্ষণ আছে। কলেজত সি হোষ্টেলত থাকি পঢ়িছিল।হোষ্টেলতে তাৰ পাঠ্যক্ৰমৰ বাহিৰৰ কিতাপ পঢ়াৰ অভ্যাসটো গঢ় লৈ উঠিছিল। মাজে মাজে দুই এটা কবিতাও লিখিছিল। তাৰ মন আছিল সাহিত্যিক হোৱাৰহে। পিছে একমাত্ৰ মাক-দেউতাকৰ কাৰণেহে হেনো সি অভিযন্তা হ’ব লগা হ’ল।
অবাবত সময় নষ্ট কৰাটো বিদুলৰ বাবে আছিল নীতি বহিৰ্ভূত কাৰ্য। যি সময়ত হোষ্টেলৰ অন্য আবাসীসকলে আড্ডা মাৰি সময় অতিবাহিত কৰিছিল তেনে সময়ত বিদুল মগ্ন আছিল গ্ৰন্থৰ সুবাস লোৱাত। সি তাৰ গাৰুৰ তলত এখন কিতাপ সদায়ে ৰাখিছিল। সময় পালেই পঢ়ি পুনৰ গাৰুৰ তলত থৈ দিছিল। সেই কথাটোকে গম পাই কাৰ্বি-আংলঙৰ পৰা অহা হোষ্টেলৰ কণিষ্ঠ আবাসী শশধৰে প্ৰায়ে বিদুলৰ গাৰুটো দাঙি পৰীক্ষা কৰিছিল, আৰু যেতিয়াই যিকোনো কিতাপ এখনৰ অৱস্থিতিৰ উমান পাইছিল সি বিদুলক উদ্দেশ্যি কৈ ৰস পাইছিল –
- “বাঃ বিদুল দা, আপোনাৰ গাৰুৰ তলিখন কেতিয়াও উকা হৈ নাথাকে । আপোনাক কিন্তু মানিছোঁ বিদুল দা। আমাৰ ককাই গাৰুৰ তলত দিয়াশলাই বাকচটো ৰাখিছিল, আৰু এতিয়া মোৰ দউতাই ৰাখে টৰ্চটো ।”
- “তই সদায় আহি তাকেহে চাৱহি যে ? মনে মনে লৈ নাযাবি মোৰ কিতাপ । আৰু হোষ্টেলৰ যাকে তাকে নকবিও ।”- বিদুলে মিঠা ধমক এটা দিয়ে । শশধৰেও বাহিৰা কিতাপ পঢ়ি ভাল পায়। তাতোকৈ আমদজনক কথাটো হ’ল শশধৰে হাতত যিকোনো কিতাপ এখন লৈহে কোঠাৰ বাহিৰ হয়। এনেদৰেই হোষ্টেলৰ য’তে-ত’তে বহা আড্ডাও মাৰে, কিতাপো পঢ়ে ।
একপ্ৰকাৰৰ গ্ৰন্থকীট বিদুলৰ আজি পিছে সাহিত্যৰ সুবাস ল’বলৈ আহৰি নাই। কৰ্মব্যস্ততাই কোঙা কৰি পেলাইছে তাক। আটাইতকৈ ডাঙৰ সমস্যা তাৰ দূৰণিবটীয়া চকৰিটো। ‘‘চাকৰিটো মোৰ বাবে এটা Necessary evil’’ – বুলি যেতিয়াই সুবিধা পায় তেতিয়াই সি ৰশ্মিক শুনাই দুখ প্ৰকাশ কৰে। কাৰণ সি যে ৰশ্মিক অকণমানো অন্তৰংগভাৱে সময় দিব নোৱাৰে। ঠিক সেইদৰে সাহিত্যৰ জগতখনো যে তাৰ পৰা লাহে লাহে আঁতৰি যাব ধৰিছে সেয়া সি মৰ্মে মৰ্মে অনুভৱ কৰিছে। বিদুলে প্ৰিয় বন্ধু বিপ্লৱক আগতে প্ৰায়ে কৈছিল যে ভৱিষ্যতে চাকৰিৰ দৰমহাৰে প্ৰতিমাহে অতিকমেও একোখনকৈ ভাল কিতাপ সি কিনিব আৰু খুউব পঢ়িব। কিন্তু ক’তা ? আজি সি কিতাপ কিনে সঁচা, পঢ়িবলৈহে সময় মিলাব নোৱাৰে। ইতিমধ্যে গোটোৱা বহু কিতাপৰ পাতনিটোকে পঢ়ি ক্ষান্ত থাকিব লগা হৈছে সি। তথাপিও কিন্তু বিদুলে কিতাপ কিনিয়ে থাকে। প্ৰতিবাৰৰ দৰে এইবাৰো গ্ৰন্থমেলাৰ পৰা সেয়ে ভাল লগা কেইখনমান কিতাপ কিনি আনিছে- কিজানি পঢ়াৰ সুযোগ আহেই ভাবি!
-“আৰু এয়া চোৱা – ‘কালিদাসৰ সাহিত্য’ । কেশদা মহন্তৰ । তোমাৰ বাবে স্পেচিয়েল ।”
ৰশ্মি সংস্কৃত বিভাগৰ শিক্ষয়িত্ৰী। সেয়ে তাইৰ কামত আহিব বুলিয়েই বিদুলে এই কিতাপখন লৈ আহিছে। গল্প, উপন্যাস, কবিতা আদি পঢ়াত ৰশ্মি বিদুলতকৈ আৰু এখোপ চৰা। ৰশ্মিৰ কথন কৌশল বৰ সবল। অসমীয়া শব্দভাণ্ডাৰো যথেষ্ট চহকী। সেয়ে তাই পঢ়া কথাবোৰ সুন্দৰকৈ সাৱলীলভাবে আনক কৈ শুনাব পাৰে। ৰশ্মিৰ মুখেৰে শুনা মহাকবি কালিদাসৰ নাট্য-সাহিত্যৰ মনোৰম বৰ্ণনায়ো এই কিতাপখন অনাত বিশেষ অৰিহণা যোগাইছিল। মহাকবি কালিদাসৰ অমৰ সৃষ্টি ‘অভিজ্ঞানম শকুন্তলম’ৰ শকুন্তলা আৰু দুষ্যন্তৰ প্ৰেমগাথা ৰশ্মিৰ মুখেৰে বিদুলে কিমান বাৰ যে শুনিছে তাৰ হিচাপ নাই। ঠিক সেইদৰে ‘মেঘদূত’ৰ কুবেৰৰ দ্বাৰা নিৰ্বাসিত যক্ষই বিৰহত কাতৰ হৈ শৰতৰ আকাশৰ এচপৰা শুকুলা মেঘকেই অৱলম্বন কৰি পত্নীলৈ কিদৰে মনৰ বতৰা প্ৰেৰণ কৰিছিল তাৰো মনোৰম বৰ্ণনা ৰশ্মিৰ মুখেৰেই বিদুলে শ্ৰৱণ কৰি ধন্য মানিছে।
এক সুদীৰ্ঘ প্ৰেমৰ পৰিণতিস্বৰূপে বিদুল আৰু ৰশ্মিৰ বিবাহ হৈছিল। প্ৰাণভৰি ভাল পায় দুয়ো দুয়োকে। আজি বিদুলে ৰশ্মিলৈ অনা কিতাপখনে ৰশ্মিক দূৰ অতীতলৈ টানি লৈ গ’ল। তাই কিতাপখন দেখিয়েই আনন্দত আত্মহাৰা হৈ বিদুলৰ গালত তপককৈ চুমা এটা যাচি ক’বলৈ ধৰিলে –
-“তুমি একেই আছা ! মই ভাবিছিলোঁ তুমি সলনি হ’লা ......!”
কলেজত পঢ়ি থাকোঁতেই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কই গঢ় লৈ উঠিছিল। বিশেষ দিনবোৰত দুয়ো দুয়োকে উপহাৰস্বৰূপে দিছিল ভাল লগা একোখন গল্প, উপন্যাস নতুবা একোখনকৈ কবিতাপুথি। অতীতৰ এই মুহূৰ্তবোৰে ৰশ্মি আৰু বিদুলক যিমান আনন্দ দিয়ে, সিমান বেদনাও। কিমান দিন যে বিদুলে ৰশ্মিক উপহাৰ দিয়া নাই! “তুমি মোক আজিকালি একোকে উপহাৰ নিদিয়া হ’লা বুলি” ৰশ্মিয়ে কেতিয়াবা কেতিয়াবা ঠেহো পাতে। ৰশ্মিৰ মনটো কেতিয়াবা বিষাদেৰে ভৰি পৰিছিল, কিন্তু বিদুলৰ ব্যস্ততাৰ প্ৰতি চকু ৰাখি নিজকে চম্ভালি লয়। আজি হঠাৎ বিদুলৰ হাতত তাইৰ বাবে উপহাৰ দেখি সেই আগৰ দিনবোৰ ঘূৰাই পোৱা যেন অনুভৱ কৰিলে।
-“মই সঁচাকৈয়ে সলনি হ’লোঁ ৰশ্মি। কিমান হেঁপাহেৰে গোটোৱা কিতাপবোৰ পঢ়িবলৈ সময়কে উলিয়াব নোৱৰা হৈছোঁ একমাত্ৰ দূৰণিবটীয়া চাকৰিটোৰ বাবেই। তাতোকৈ ডাঙৰ কথা, তোমাক একেবেৰে সময়ে দিব নোৱৰা হ’লোঁ। কলেজত পঢ়ি থাকোঁতে যে কিমান পৰিকল্পনা কৰিছিলোঁ. .. . .. সেইবোৰ দেখোন একো নাই হোৱা .....।”
বিদুলৰ সেমেকি উঠা মুখখনিত অলপ আনন্দৰ সঞ্চাৰ কৰিবলৈ ৰশ্মিয়ে ৰগৰ কৰিয়ে ক’লে – ‘‘চিন্তা নকৰিবাঁ দেহা। আমাৰ এই ধুনীয়া ধুনীয়া কিতাপবোৰ আমাৰ ল’ৰা-ছোৱালীয়ে পঢ়িব আক’ ।”
আৰু কবিতা পঢ়কঃ
ধেমাজিৰ আৰ্তনাদ
মৌনতাই কথা ক’লে
মানুহবোৰ এদিন গাওঁমুৱা হ’ব
